অন্ধ্ৰপ্ৰদেশত কোৰোনাত আক্ৰান্ত হোৱা ১৬১ গৰাকীৰ ভিতৰত ১৪০ গৰাকীয়েই হৈছে নিজামুদ্দিনলৈ যোৱা…

অন্ধ্ৰপ্ৰদেশত কোৰোনাত আক্ৰান্ত হোৱা ১৬১ গৰাকীৰ ভিতৰত ১৪০ গৰাকীয়েই হৈছে নিজামুদ্দিনলৈ যোৱা…

ডিজিটেল ডেস্কঃ দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ২৫৮৬ লৈ বৃ্দ্ধি পাইছে। ৭৩ গৰাকী মৃত্যুৰ বিপৰীতে ১৯২ গৰাকী ৰোগী আৰোগ্য হৈ উঠিছে কোৰোনা ভাইৰাছৰ পৰা। কোৰোনাৰ সন্ত্ৰাসক লৈ শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে সংবাদমাধ্যমক সদৰি কৰে যে, অন্ধ্ৰপ্ৰদেশত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ১৬১ গৰাকী ব্যক্তি। ইয়াৰে দুগৰাকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে সদৰি কৰে, ৰাজ্যখনত আক্ৰান্ত ১৬১ গৰাকীৰ ভিতৰত ১৪০ গৰাকীয়েই হৈছে নিজামুদ্দিনৰ মাৰ্কাজত অংশ লোৱা ব্যক্তি। সকলোকে বৰ্তমান চিকিৎসা প্ৰদান কৰি থকাৰ কথা জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in