টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন…

টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন…

ডিজিটেল সংবাদ, টিহুঃ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা টিহু খণ্ড উন্নয়নৰ অধীনত টিহুৰ বিবেকানম্দ বিদ্যা নিকেতনত স্থাপিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মঙলবাৰে টিহু খণ্ড উন্নয়ন এলেকাধীন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত বিজ্ঞান ভিত্তিক আৰ্হি–প্ৰকল্প, চিত্ৰাংকন আৰু আকস্মিক বক্তৃতা  প্ৰতিযোগিতা সম্পন্ন হয় ।

বিবেকানন্দ বিদ্যা নিকেতনত আয়োজিত এই প্ৰতিযোগিতাবোৰৰ শুভাৰম্ভ কৰে বিবেকানন্দ বিদ্যা নিকেতনৰ অধ্যক্ষা দীপালী ডেকাই এটি গছপুলি ৰোপণেৰে । ইয়াৰ পাছতে আয়োজিত প্ৰতিযোগিতাবোৰৰ ভিতৰত ক্ৰমে বিজ্ঞান আৰ্হি–প্ৰকল্প প্ৰতিযোগিতাত টিহুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ হৃতিপল চৌধুৰীয়ে প্ৰথম, টিহুৰ বিবেকানম্দ বিদ্যা নিকেতনৰ দৰ্ষিত কাশ্যপ আৰু কাৰ্তিক দাসে দ্বিতীয় আৰু টিহুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী দেৱৰ্ষি মেধি আৰু ৰীতিৰাজ মেধিয়ে তৃতীয় স্থান লাভ কৰে ।

আকস্মিক বক্তৃতা প্ৰতিযোগিতাত  টিহুৰ বিবেকানম্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থীত্ৰয়  ক্ৰমে জুমন কিশোৰ লহকৰ প্ৰথম, নীলোৎপল শৰ্মা দ্বিতীয় আৰু অমনদীপ কলিতাই তৃতীয় স্থান লাভ কৰে । চিত্ৰাংকন প্ৰতিযোগিতাত টিহুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ বিবিকেশ হালৈয়ে প্ৰথম, আকৌ টিহুৰ বিবেকানম্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থীদ্বয় ক্ৰমে নীলোৎপল শৰ্মাই দ্বিতীয় আৰু জুহি বৰ্মনে তৃতীয় স্থান লাভ কৰে ।

টিহু খণ্ড উন্নয়ন আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক অণিমা কলিতা ডেকাই পৰিচালনা কৰা আৰু বিজ্ঞান কৰ্মী হিতেশ মেধিয়ে আঁত ধৰা এই প্ৰতিযোগিতাৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডক্টৰ দীনমণি ভাগৱতী, সমন্বয়ক প্ৰদীপ মহন্ত, টিহু মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপিকা ডক্টৰ দীপালী দাস ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিষয়া সুভাস ৰাজবংশী, বালি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় তালুকদাৰ প্ৰমুখ্যে ভালেকেইগৰাকী বিশিষ্ট লোকে ভাগ  । প্ৰতিযোগিতাৰ অন্তত এখনি   সভাৰ জৰিয়তে বঁটাবোৰ বিতৰণ কৰা হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in