২২ বছৰে ন্যায় নাপালে আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ পৰিয়ালে…

২২ বছৰে ন্যায় নাপালে আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ পৰিয়ালে…


ডিজিটেল সংবাদ, টিহুঃ ১৯৯৮ খৃষ্টাব্দৰ ১১ আগষ্টত গুপ্তঘাতকে হত্যা কৰিছিল এটি অনুষ্ঠানক; হত্যা কৰা হৈছিল সৃষ্টিৰ ধ্বজাবাহী এজন মহান মনীষীক। সাহিত্যৰ পথাৰখনত গুপ্তঘাতকে তেজৰ দাগ বোৱাইছিল । কাৰণ সেইদিনা আলোচনাপন্থী আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ জ্যেষ্ঠ ভাতৃ ডাক্তৰ ধৰণীধৰ দাস সহিতে চাৰিগৰাকী ব্যক্তিক গুপ্তঘাটকে হত্যা কৰিছিল। এই বক্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ ।

মঙ্গলবাৰে নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বৰমা শাখা সাহিত্য সভাৰ সহযোগত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক ডাঃ ধৰণীধৰ দাসৰ ২২ সংখ্যক স্মৃতি দিৱস বৰমাত থকা বাক্সা প্ৰেছ ক্লাবত সামাজিক দূৰত্ব মানি আয়োজন কৰা হয় । উল্লেখ্য, বাক্সা জিলাৰ নিজজুলুকীত কলা–সংস্কৃতিৰে ভৰপুৰ এটি পৰিয়ালৰ চাৰিগৰাকীকৈ সদস়্যৰ বুকু ভেদি যোৱা শক্তিশালী মাৰণাস্ত্ৰৰ গুলিৰ শব্দ আজিও কোনেও পাহৰা নাই ।

আজিও মৰিশালী সদৃশ হৈ আছে সেই ঘৰখন ৷ ঘৰৰ বেৰত স্মৃতি বিজড়িত হৈ আছে সদস্যসকলৰ তেজৰ চেকুৰা আৰু এ কে ৪৭ বন্দুকেৰে দেৱাল ভেদি যোৱা গুলিৰ বিন্ধা । এই পৰিয়ালটোৰ পৰাই স্বাধীনতাৰ সপোন লৈ হাতত বন্দুক তুলি আলফাত যোগ দিছিল ডাঃ ধৰণীধৰ দাসৰ ভাতৃ মিথিংগা দৈমাৰীয়ে ৷ আলফা সৈন্যাধ্যক্ষ পৰেশ বৰুৱাৰ একান্ত ঘণিষ্ঠ মিথিংগা দৈমাৰী আছিল সংগঠনটোৰ প্ৰচাৰ সচিব ৷ সেইটোৱেই আছিল নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক, সুসাহিত্যক, সুচিকিৎসক, সমাজকৰ্মী ডাঃ ধৰণীধৰ দাসৰ পৰিয়ালৰ অপৰাধ ৷

১৯৯৮ খৃষ্টাব্দৰ ১১ আগষ্টত গুপ্তঘাতকৰ নিৰ্মম আক্ৰমণৰ বলি হ'ল একে পৰিয়ালৰ চাৰি গৰাকী সদস্য ৷ নিশাৰ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতে সংঘটিত হৈছিল আক্ৰমণৰ ঘটনাটো । বন্দুকৰ গুলিয়ে প্ৰাণ কাঢ়ি নিছিল আলফাৰ প্ৰচাৰ সচিব মিথিংগা দৈমাৰীৰ মাতৃ ফুলেশ্বৰী দাস, জ্যেষ্ঠ ভাতৃ ডাঃ ধৰণীধৰ দাস, গৰ্ভৱতী বৌৱেক ৰূপজ্যোতি শইকীয়া আৰু ভগ্নী লতিকা কছাৰীৰ ৷ দপদপকৈ জ্বলিছিল মৰাপাগলাদিয়া নদীৰ পাৰত চাৰিখনকৈ চিতা ৷

শোকস্তব্ধ হৈছিল সমগ্ৰ বৰমাবাসী ৷ সকলোৰে আশা আছিল পৰিয়ালটোৱে এদিন ন্যায় পাব ৷ কিন্তু আজি ২২ বছৰ অতিক্ৰম হ'ল যদিও ন্যায় নাপালে নিহত ডাঃ ধৰণীধৰ দাসৰ লগতে আন সদস্যসকলে ৷ চৰকাৰে অনুসন্ধানৰ  নামত কেইবাখনো আয়োগ গঠন কৰিলে যদিও প্ৰকাশ নাপালে কোনো এখন আয়োগৰ প্ৰতিবেদন ৷

আজি ডাঃ ধৰণীধৰ দাসৰ ঘৰটোত নাই পৰিয়ালটোৰ কোনো এগৰাকী সদস্য ৷ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদকৰ পদ অলংকৃত কৰা ডাঃ ধৰণীধৰ দাসৰ স্মৃতিত বিগত বৰ্ষবোৰৰ দৰে মঙ্গলবাৰেও নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু বৰমা শাখা সাহিত্য সভাৰ সহযোগত পালন কৰা হয় স্মৃতি দিৱস ।

নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰা ডাঃ ধৰণীধৰ দাসৰ স্মৃতি সভাখনত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ডাঃ বিপিনচন্দ্ৰ কলিতা, শিক্ষক তুলসী মানস ৰাভা, অৱসৰপ্ৰাপ্ত শিক্ষক বসন্ত কুমাৰ বৰ্মন, জ্যেষ্ঠ নাগৰিক নৰেন দাসকে ধৰি কেইবাজনেও ধৰণীধৰ দাসৰ স্মৃতি ৰোমন্থন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in