শেহতীয়া খবৰ
কোকৰাঝাৰত মমবাতিৰেই ‘কৰোনা’ লিখি প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ জনালে সঁহাৰি... VIDEO  •  নুমলীগড়ৰ ঐতিহাসিক দেওপাহাৰত ভয়ংকৰ অগ্নিকাণ্ড... VIDEO  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ...LIVE UPDATES  •  চাকি-মমবাতিয়েই নহয়, দুই-একে ফুটালে ফটকা, বজালে কাহি-ঘণ্টা...  •  হঠাৎ ৰাজপথত গাড়ীৰ পৰা নামি মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত আৰক্ষীৰে পাতিলে কি কথা... VIDEO  •  লকডাউনঃ ডিজেলৰ অভাৱত মানকাচৰৰ পথাৰত অচল পানী মেচিন, তেলৰ বাবে গাৰো পাহাৰলৈ গ'লেও গুলীৰ ভাবুকি  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  ৯ বাজিল! প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, লাইট অফ কৰি বাৰান্দাতে জ্বলালে চাকি-মমবাতি-ম’বাইল ফ্লেছ... VIDEO  •  জম্মু-কাশ্মীৰৰ কেৰণ ছেক্টৰত সেনা বাহিনীৰ অভিযান, নিহত ৫ সন্ত্ৰাসবাদী...

নিৰ্বিকাৰ পৌৰ সভা! টিহু নগৰত পকী নলা-নৰ্দমাৰ কদৰ্য ৰূপ…

20

ডিজিটেল সংবাদ, টিহুঃ নলবাৰী জিলাৰ টিহু নগৰত নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত এখন পৌৰসভা থকাৰ পাছতো নগৰখনৰ পকী নলাৰ কদৰ্য্য ৰূপৰ বাবে নগৰবাসীয়ে চৰম যাতনা ভোগ কৰিবলগীয়া হৈছে। ভালে কেইগৰাকী নাগৰিকৰ পৰা প্ৰাপ্ত অভিযোগ অনুসৰি টিহু নগৰত থকা পকী নলা নৰ্দমাসমূহ টিহু পৌৰ সভাই নিয়মীয়াকৈ চাফ্‌চিকুণ নকৰাৰ বাবে নলা নৰ্দমাসমূহৰপৰা সৃষ্ট উৎকট দুৰ্গন্ধই নগৰবাসীৰ স্বাস্থ্যৰ প্ৰতি বাৰুকৈয়ে ভাবুকি কঢ়িয়াই আনিছে।

বিশেষকৈ ২ নম্বৰ ৱাৰ্ডৰ নলাসমূহে কদৰ্য ৰূপ লোৱা বাবে ৱাৰ্ডটোৰ ব্যৱসায়ীসকলে চৰম যাতনাৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। নলাসমূহেৰে পানী নিষ্কাশনৰ সুব্যৱস্থা নথকাৰ কাৰণে বুধবাৰে আবেলি অহা এজাক আবতৰীয়া বৰষুণতে টিহু নগৰৰ বিভিন্ন স্থানৰ দোকানৰ ভিতৰলৈ পানী সোমাই যায় । আনকি নগৰখনৰ এক নম্বৰ ৱাৰ্ডৰ ফিডাৰ পথৰ পূব দিশত থকা পকী নলাৰ পানী এজাক বৰষুণতে ৰাজপথেৰে বাগৰি যোৱাটো এক যেন স্বাভাৱিক বিষয় হৈছে ।

নগৰখনত পানী নিষ্কাশনৰ সুব্যৱস্থা নথকাৰ বাবেই প্ৰতি বছৰে নগৰবাসীয়ে কৃত্ৰিম বানৰ কবলত পৰিও চৰম যাতনা ভোগ কৰি অহা বুলিও অভিযোগ উত্থাপন হৈছে । নগৰবাসীয়ে টিহু পৌৰসভাক পকী নলা নৰ্দমাসমূহ বাৰিষাৰ পূৰ্বে চাফ্‌চিকুণ কৰাৰ দাবী জনাই আহিছে যদিও পৌৰসভাই এইক্ষেত্ৰত কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উঠিছে । অভিযোগ অনুসৰি নগৰ সমিতিখন নগৰবাসীৰপৰা কেৱল খাজনা সংগ্ৰহৰ বাবেহে বৰ্তি আছে ।

লক্ষণীয় যে, দৃষ্টিকটুভাৱে একাংশ নাগৰিকে আৱৰ্জনা পেলাই পকী নলাসমূহক ডাষ্টবিনলৈ পৰ্যৱসিত কৰি অহাৰ পাছতো সেইসকল নাগৰিকক পৌৰসভাৰ সংশ্লিষ্ট কৰ্তৃপক্ষই কেতিয়াও কোনোধৰণৰ বাধা আৰোপ কৰা পৰিলক্ষিত হোৱা নাই । ইপিনে, সমগ্ৰ ৰাজ্যত স্বচ্চ ভাৰত অভিযান আঁচনি ৰূপায়ণ হৈ থকাৰ পাছতো টিহু নগৰৰ পকী নলাৰ এনে অব্যৱস্থা আৰু কদৰ্য ৰূপৰ বাবে সধাৰণ নাগৰিকৰ চকু কপালত উঠিছে । স্থানীয় ৰাইজে এইক্ষেত্ৰত নলবাৰী জিলাৰ মৃদুভাষী উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ ক্ষীপ্ৰ হস্তক্ষেপ দাবী কৰিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি