টিহুৰ নান্নাট্টাৰীত অসম গ্ৰামীণ বিকাশ বেংকৰ সজাগতা সভা সম্পন্ন…

টিহুৰ নান্নাট্টাৰীত অসম গ্ৰামীণ বিকাশ বেংকৰ সজাগতা সভা সম্পন্ন…

ডিজিটেল সংবাদ, টিহুঃ 'সততা এক জীৱন পদ্ধতি' ধ্বনিৰে ৰাষ্ট্ৰীয়ভাৱে ২৮ অক্টোবৰৰপৰা ২ নবেম্বৰলৈ চলি থকা বেংকৰ  সতৰ্কতা সপ্তাহ  উপলক্ষে ২৯ অক্টোবৰত অসম গ্ৰামীন বিকাশ বেংকৰ টিহু শাখাৰ উদ্যোগত  ১১১২ নম্বৰ  নান্নাট্টাৰী প্ৰাথমিক বিদ্যালয়ত এখন সজাগতা সভা সম্পন্ন হয় ।

জলখানা–ভঠুৱাখানা গাঁও পঞ্চায়ত এলেকাৰ আত্ম সহায় গোটবোৰৰ ডেৰশৰো অধিক সদস্যাই ভাগ লোৱা এই সভাখনিত অসম গ্ৰামীন বিকাশ বেংকৰ টিহু শাখাৰ প্ৰবন্ধক কিশোৰ কুমাৰ দাসে গোটবোৰে সঠিক  আৰু শক্তিশালীভাৱে চলিবলৈ সাপ্তাহিক সভা,  সাপ্তাহিক সঞ্চয়, অভ্যন্তৰীণ ঋণ, নিয়মীয়া পৰিশোধ, সঠিক আৰু পৰিষ্কাৰ নথিপত্ৰ যুগুত কৰা – এই পঞ্চ সূত্ৰ মানি চলা উচিত বুলি দোহাৰি  বেংকৰ সৈতে সঠিক লেনদেন কৰাৰ বিভিন্ন প্ৰণালী, বেংকে আগবঢ়োৱা ঋণৰ সুবিধা গ্ৰহণ, ঋণ পৰিশোধৰ পদ্ধতি, , চৰকাৰী নিৰ্দেশানুসাৰে সময়ে সময়ে ল'ব পৰা ঋণ,  গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত অসম গ্ৰামীণ বিকাশ বেংকে আগবঢ়োৱা অৱদান আদি সন্দৰ্ভত ভাষণ আগবঢ়ায় ।

টকা–পইচাক লৈ গোটৰ সদস্যাসকলৰ মাজত যাতে কেতিয়াও মনোমালিন্য নঘটে তাৰ বাবে সকলোকে সগা সতৰ্কতা অৱলম্বন কৰি  ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ নিয়ম মানি চলিবলৈও শাখা প্ৰবন্ধক গৰাকীয়ে পৰামৰ্শ আগবঢ়াই বেংকৰ কামকাজ কৰাৰ ক্ষেত্ৰত কোনো মাজৰ মানুহৰ সহায় নলৈ বেংকৰ বিষয়াৰ সহায় ল'বলৈও আহ্বান জনায় ।

বেংকৰ জৰিয়তে আগবঢ়োৱা জীৱন বীমাৰ বিভিন্ন আঁচনিৰ জৰিয়তে লাভ কৰা সুবিধা সন্দৰ্ভত অসম গ্ৰামীন বিকাশ বেংকৰ টিহু শাখাৰ সহকাৰী শাখা প্ৰবন্ধক  নিজান শৰ্মাই বিতংভাৱে ব্যাখ্যা আগবঢ়ায় ।  টিহু খণ্ড উন্নয়নৰ জলখানা ভঠুৱাখানা পঞ্চায়তৰ জীৱিকা সখী ঋতা ৰাজবংশীৰ সহযোগত হোৱা এই সভাখনিত জলখানা–ভঠুৱাখানা গাঁও পঞ্চায়তৰ সভাপতি মীৰা দেৱী  আৰু অসম ৰাজ্যিক  গ্ৰামীন জীৱিকা অভিযানৰ টিহু খণ্ড উন্নয়নৰ সমন্বয়ক সঞ্জীৱ কুমাৰ দাসেও প্ৰাসংগিক ভাষণ আগবঢ়ায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in