টিহু মহকুমাৰ বিভিন্ন শিক্ষানুষ্ঠানত শিশু দিৱস উদযাপন…

টিহু মহকুমাৰ বিভিন্ন শিক্ষানুষ্ঠানত শিশু দিৱস উদযাপন…

ডিজিটেল সংবাদ, টিহুঃ টিহু মহকুমাৰ বিভিন্ন শিক্ষানুষ্ঠানত বৃহস্পতিবাৰে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয় । টিহু জাতীয় বিদ্যালয়ত এই উপলক্ষে জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিৰ ওচৰত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্প নিৱেদন কৰে বিদ্যালয়খনিৰ প্ৰধান শিক্ষক ধৰণী ডেকাই ।

ইয়াৰ পাছতে শিক্ষয়িত্ৰী ক্ৰমে পাৰুল গোস্বামী, ঋতা গোস্বামী, দীপাঞ্জলি পাঠক, মণিমালা দেৱী, ভাস্বতী দাস, জুৰি ডেকা, ভণিতা লহকৰ, পূৰ্ণিমা শীল, সংগীতা দেৱী আৰু মনীষা দেৱীৰ পৰিচালনাৰে শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন বিষয়ত মেধা পৰীক্ষাৰ আয়োজন কৰা হয় । বিদ্যালয়খনিৰ প্ৰধান শিক্ষক ধৰণী ডেকাৰ পৌৰোহিত্যত হোৱা বঁটা বিতৰণী সভাত শিক্ষাৰ্থীসকলে বিভিন্ন গীত–মাত, নৃত্য, নাম, নাচৰ লগতে বাৰেবৰণীয়া কৃষ্টি– সংস্কৃতি প্ৰদৰ্শন কৰি উপস্থিত থকা সকলোকে আপ্লুত কৰে । আকৌ ৩৯৫ নম্বৰ টিহু টাউন বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ত শিশু দিৱস উপলক্ষে আয়োজিত মুকলি সভাত নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক পংকজ বেজবৰুৱা আৰু কেন্দ্ৰ সমল বিষয়া কৰুণা কলিতাই বিশিষ্ট আলহী হিচাপে ভাগ লৈ দিয়া ভাষণ প্ৰসংগত শিশু দিৱসৰ গূঢ়াৰ্থ ব্যাখ্যা কৰাৰ লগতে শিশুসকলক ভৱিষ্যৎ দেশৰ সবল নাগৰিক হিচাপে গঢ় দিবলৈ সমাজৰ সৰ্বস্তৰৰ নাগৰিকক বিজ্ঞান মনষ্কতাৰে আগ বাঢ়িবলৈ আহ্বান জনায় ।

বিদ্যালয়খনি পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি মণিকা বৰ্মনৰ পৌৰোহিত্যত আৰু ৩৯৫ নম্বৰ টিহু টাউন বালিকা নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিনতি ভঁৰালী, জ্যেষ্ঠ সহকাৰী শিক্ষয়িত্ৰী ক্ৰমে সবিতা তহবিলদাৰ, সেউতি ঠাকুৰীয়া, গোলাপী ঠাকুৰীয়া, জোনালী বৰা, বন্দনা নাথৰ পৰিচালনাৰে হোৱা এই দিৱসৰ মুকলি সভাত বিদ্যালয়খনিৰ শিক্ষাৰ্থীসকলে নানা গীত–মাত, নাচ, কৃষ্টি– সংস্কৃতি প্ৰদৰ্শন কৰি সকলোকে মোহাচ্ছন্ন কৰে ।

উল্লেখযোগ্য, শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলৰ ভিতৰত মনোজ শীল, শংকৰ পাঠক, দুলুমণি বণিয়া আৰু সমীন মেধিৰ বিশেষ তৎপৰতাৰে হোৱা শিশু দিৱসৰ মুকলি সভাৰ পূৰ্বে নেহৰুৰ প্ৰতিচ্ছবিৰ ওচৰত বন্তি প্ৰজ্বলনৰ লগতে শ্ৰদ্ধা নিৱেদন কৰা হয় । এই অনুষ্ঠানৰ পাছতে শিক্ষাৰ্থীসকলৰ বিভিন্ন লেখাৰে প্ৰকাশ কৰা 'অপৰাজিতা' নামৰ ফলক আলোচনী এখনি উন্মোচন কৰে টিহুৰ জনপ্ৰিয় সংগীত শিল্পী হেমন্ত তালুকদাৰে ।

ইফালে ১৮৬ নম্বৰ খলিহাগুৰি প্ৰাথমিক বিদ্যালয়তো বিভিন্ন কাৰ্যসূচীৰে শিশু দিৱস পালন কৰা হয় । দিৱস উপলক্ষে শিক্ষাৰ্থীসকলৰ বিভিন্ন লেখাৰে প্ৰকাশ কৰা 'প্ৰেৰণা' নামৰ ফলক আলোচনী এখনি উন্মোচন কৰি সাংবাদিক পংকজ বেজবৰুৱাই প্ৰাসংগিক ভাষণ আগবঢ়ায় । এই উপলক্ষে বিদ্যালয়খনিৰ জ্যেষ্ঠ শিক্ষক ইন্দ্ৰজিৎ ভূঞাৰ পৌৰোহিত্যত হোৱা সভাৰ আঁত ধৰে প্ৰধান শিক্ষক সুভাষ ঠাকুৰীয়াই । সভাত সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী অৰ্পনা দাসৰ ৰচনা–পৰিচালনাৰে কেইবাগৰাকী শিশুৱে 'আমাৰ লক্ষ্য' নামৰ বাটৰ নাট এখনি প্ৰদৰ্শন কৰে ।

বহু সংখ্যক অভিভাৱক আৰু স্থানীয় লোকে ভাগ লোৱা এই অনুষ্ঠান পৰিচালনা কৰে বিদ্যালয় খনিৰ শিক্ষয়িত্ৰী ঋতা কলিতা, নৱ কুমাৰ কলিতা আৰু কণিকা দাসে । ইয়াৰ পূৰ্বে নেহৰুৰ প্ৰতিচ্ছবিৰ ওচৰত বন্তি প্ৰজ্বলন, মাল্যাৰ্পণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in