টিহুৰ বামুণবড়ীত ‘সংস্কাৰঃ মানুহে মানুহৰ বাবে’ অনুষ্ঠান সম্পন্ন…

টিহুৰ বামুণবড়ীত ‘সংস্কাৰঃ মানুহে  মানুহৰ  বাবে’ অনুষ্ঠান সম্পন্ন…

ডিজিটেল সংবাদ, টিহুঃ অসমৰ মুখ্যমন্ত্ৰীয়ে কু-সংস্কাৰৰ বিৰুদ্ধে  কাম কৰাৰ বাবে প্ৰণয়ন কৰা কাৰ্যসূচীৰ অধীনত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ তথা নলবাৰী জিলা প্ৰশাসনৰ যুটীয়া উদ্যোগত ২৪ ফেব্ৰৱাৰীৰ আবেলি টিহুৰ বামুণবড়ীত 'সংস্কাৰ : মানুহে  মানুহৰ  বাবে' শীৰ্ষক এক সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয় ।

বামুণবড়ীৰ চিতলপুৰত থকা মহিলা সমিতি ভৱন প্ৰাংগণত এই  সজাগতা অনুষ্ঠান আৰু সভাৰ সৈতে সংগতি ৰাখি ডাইনী হত্যা বিষয়বস্তুৰ আধাৰত অনাতাঁৰ শিল্পী ডঃ সীতানাথ লহকৰৰ ৰচনা আৰু পৰিচালনাৰে 'এই  মাটিতে' নামৰ চলচ্চিত্ৰ এখনিও প্ৰদৰ্শন কৰোৱা হয় । এই উপলক্ষে আয়োজিত সজাগতা সভাত নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে পৌৰোহিত্য কৰি দিয়া ভষণত নৱ প্ৰজন্মক উপযুক্ত শিক্ষা দীক্ষাৰে সমাজৰপৰা ডাইনী হত্যা, কু-সংস্কাৰ, অন্ধ বিশ্বাস আদি আঁতৰোৱাত মুখ্য ভূমিকা ল'বলৈ আহ্বান জনায় ।

সভাত ডঃ সীতানাথ লহকৰে ভাষণ দি কয় যে ডাইনী হত্যাৰ দৰে সমাজৰ ভয় লগা সমস্যাই দেশৰ, ৰাজ্যৰ বিভিন্ন লোকক সময়ে সময়ে জুৰুলা কৰিছে । চৰকাৰে আইনো কৰিছে, কিন্তু সেই আইনো সফল হ'ব পৰা নাই । এইবোল মানুহৰ মনৰপৰা আঁতৰাবলৈ বিজ্ঞান মনষ্ক হ'ব লাগিব । বিশিষ্ট শিক্ষাৱিদ, চিন্তাশীল লেখক লহকৰে পুনৰ কয় যে ডাইনী হত্যা অসমৰ অতি ভয়াৱহ সমস্যা ।  যাক ডাইনী বুলি কোৱা  হয় তেওঁলোকৰ বেছি ভাগেই অতি দুখীয়া লোক । সমাজৰ এচাম দুষ্ট লোকে অকলশৰীয়া মহিলাক, কেও কিছু নোহোৱা লোকক ডাইনী সজাই তেওঁ সুবিধা আদায় কৰে ।

ডাইনী হত্যা তিনি প্ৰকাৰে হয়; সেই বেৰ হৈছে ক্ৰমে ধন–সম্পত্তি, কেলেংকাৰী আৰু প্ৰতিবাদকাৰী ডাইনী হত্যাৰ বলি হ'বলগীয়া হয় । ডাইনী শব্দটোত ষড়যন্ত্ৰ লুকাই আছে । ইয়াৰপৰা মুক্তি পাবলৈ নৱ প্ৰজন্মক স্বাধীন মনৰ অধিকাৰী কৰি তুলিব লাগিব । কেৱল গৰীৱ, দুখীয়া লোক কিয় ডাইনীৰ লক্ষ্য হয় ? ডাইনী হত্যাৰ পাছত অঞ্চলটোত বেমাৰ আজাৰ হোৱা নাই নেকি বা কি হয় এনে প্ৰশ্নবোৰৰ উত্তৰ ওলালেই ডাইনী হত্যাৰ কাৰণবোৰ বিচাৰি পোৱা যায় বুলিও সীতানাথ লহকৰে উল্লেখ কৰে ।

নাথকুছি পঞ্চায়তৰ সচিৱ অলকেশ ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটিত টিহু ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰক্তিম বৰুৱা, সাংবাদিক ত্ৰিদীপ লহকৰ, টিহু খণ্ড উন্নয়ন বিষয়া হেমন্ত ডেকা, নলবাৰী জিলা পৰিষদৰ উপ সভাপতি মঞ্জুৰাণী চৌধুৰী, অৱসৰপ্ৰাপ্ত শিক্ষক শুকোৰাম বড়ো, নাথকুছি পঞ্চায়তৰ সভাপতি গোপাল তালুকদাৰ, পশ্চিম নামবৰভাগ পঞ্চায়তৰ সভাপতি ইলোৰা ডেকা আৰু টিহু আঞ্চলিক পঞ্চায়তৰ সদস্য জোনালী দাস প্ৰমুখ্যে বিশিষ্ট লোকসকলে ভাগ লৈ কু-সংস্কাৰ আৰু অন্ধ বিশ্বাসৰ কুপ্ৰভাৱৰ বিষয়ে ভাষণ আগবঢ়ায় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in