টিহুত জাপানী এনকেফেলাইটিছৰ সজাগতা সভা সম্পন্ন…

টিহুত জাপানী এনকেফেলাইটিছৰ সজাগতা সভা সম্পন্ন…

ডিজিটেল সংবাদ, টিহুঃ নলবাৰী জিলাৰ টিহু মহকুমাৰ জলখানা অনুসূচীত গাঁও উন্নয়ন সমিতিৰ উদ্যোগত শনিবাৰে জাপানী এনকেফেলাইটিছ বিষয়ক এখনি সজাগতা সভা সম্পন্ন হয়। জলখানা অনুসূচীত গাঁও উন্নয়ন সমিতিৰ সভাপতি প্ৰমোদ দাসৰ সভাপতিত্বত আয়োজিত আৰু সমিতিৰ সম্পাদক হেমন্ত (বাপু) দাসে উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত জলখানা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ অমিত কুমাৰ ডেকা, মাখিবাহা আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ তাপস কলিতা, টিহু প্ৰাথমিক প্ৰেৰণ গোটৰ মেলেৰিয়া পৰিদৰ্শক ভূপেন ৰাজবংশীয়ে জাপানী এনকেফেলাইটিছ মহৰ পৰা হাত সাৰিবলৈ ল'বলগীয়া সাৱধানতা সন্দৰ্ভত বিষদ আলোকপাত কৰি কেবাটাও পৰামৰ্শ আগবঢ়ায়।

জলখানা গোসাঁইঘৰ প্ৰাংগনত আয়োজন কৰা সভাখনত অৱসৰী শিক্ষক ফণি পাঠক, সমাজকৰ্মী চবিন দাস, ডিম্বেশ্বৰ দাস, টিহু প্ৰাথমিক প্ৰেৰণ গোটৰ স্বাস্থ্যকৰ্মী ক্ৰমে শচীন কুমাৰ দাস, ধনেশ্বৰ বৰ্মন, মৃণাল কুমাৰ বৰ্মন, গোলক হালৈ, দ্বিজেন বৰ্মনৰ উপৰি অঞ্চলটোৰ ভালে সংখ্যক পুৰুষ-মহিলাই অংশ লয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in