শেহতীয়া খবৰ
কোভিড ভেকচিনৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্মী,বৃদ্ধ লোকক অগ্ৰাধিকাৰ দিয়া হ'ব - নৰেন্দ্ৰ মোডী  •  কোকৰাঝাৰত আৰম্ভ নিৰ্বাচনী হিংসা, বিপিএফৰ কাৰ্যালয় লণ্ডভণ্ড...  •  মহাৰাষ্ট্ৰ বিধান পৰিষদৰ নিৰ্বাচনত বিজেপিৰ মুখ থেকেচা, ৬ খন আসনৰ ১খনত জয়লাভ...  •  ৫ ডিচেম্বৰত অন্ত পৰিব বিটিচি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ, ৭ ডিচেম্বৰত ২১ টা সমষ্টিত ভোটগ্ৰহন...  •  সিংঘু সীমাত কৃষকৰ বৈঠক, চৰকাৰৰ সৈতে পৰৱৰ্তী আলোচনাৰ বাবে ৰণনীতি প্ৰস্তুত...  •  কোৰোনা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ টিকাকৰনৰ বাবে সাজু হৈছে অৰুনাচল প্ৰদেশ...  •  চাইক্লন বুৰেভিৰ বাবে থিৰুবন্তপুৰম বিমানবন্দৰে স্থগিত কৰে উৰাজাহাজৰ যাত্ৰা...  •  মডেৰ্নাৰ কোৰোনা ভেকচিনে ৩ মাহ পৰ্যন্ত শৰীৰত এণ্টিবডি বোৰ ৰখাত সহায় কৰে...  •  আৰম্ভ হ'ল হাইদৰাবাদ পৌৰ নিগম নিৰ্বাচনৰ ভোটগননা...  •  শনিবাৰে পুনৰ প্ৰতিবাদী কৃষকৰ সৈতে আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ...

টিহু মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ আসন বৃদ্ধিৰ দাবী আছুৰ…

167

ডিজিটেল সংবাদ, টিহু: টিহু আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত টিহু মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ আসনৰ সংখ্যা বৃদ্ধিৰ দাবী জনাইছে । আজি টিহু আঞ্চলিক ছাত্ৰ সন্থাই টিহু ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে নলবাৰী জিলাৰ উপায়ুক্তলৈ প্ৰেৰণ কৰা এক স্মাৰক পত্ৰত এই দাবী উত্থাপন কৰে । টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃদুল বৰ্মন আৰু সম্পাদক হিম আকাশ কলিতাই স্মাৰক পত্ৰত উল্লেখ কৰে যে টিহু মহাবিদ্যালয়ত স্নাতক মহলাৰ কলা আৰু বিজ্ঞান শাখাত সীমিত সংখ্যক আসন থকাৰ বাবে বৃহত্তৰ টিহু অঞ্চলৰ ভালেসংখ্যক শিক্ষাৰ্থী শিক্ষানুষ্ঠানখনত উচ্চ শিক্ষা গ্ৰহণৰপৰা বঞ্চিত হ’বলগীয়া হৈছে ।

এনে পৰিস্থিতিত শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনৰ বৃহত্তম স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানখনত আসনৰ সংখ্যা বৃদ্ধি কৰি শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদান কৰিব লাগে বুলি ছাত্ৰ সন্হাই স্মাৰক পত্ৰত উল্লেখ কৰে । ইপিনে, টিহু মহাবিদ্যালয়ৰ এক সূত্ৰে জানিব পৰা মতে, টিহু মহাবিদ্যালয়ত এই বৰ্ষত স্নাতক মহলাৰ কলা শাখাত দিনৰ খেপত চাৰিশ আৰু বিয়লিৰ খেপত  দুইশখন সহ মুঠ ছয়শখন আসনৰ ব্যৱস্থা কৰা হৈছে ।

আনহাতে, শিক্ষানুষ্ঠানখনত বিজ্ঞান শাখাৰ দিনৰ খেপত ডেৰশ আৰু বিয়লিৰ খেপতো ডেৰশখন সহ মুঠ তিনিশখন আসনৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ বিপৰীতে স্নাতকৰ  কলা শাখাত শিক্ষাৰ্থীৰ প্ৰপত্ৰ জমা হৈছে ৮৫৪ খন আৰু বিজ্ঞান শাখাত প্ৰপত্ৰ জমা হৈছে ৬৮১ খন। এনে পৰিস্থিতিত টিহু মহাবিদ্যালয়ত আন্তঃগাঁথনিৰ সৈতে আসন বৃদ্ধি অতি জৰুৰী হৈছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি