টিহুত বানত মৃত্যু যুৱকৰ…

টিহুত বানত মৃত্যু যুৱকৰ…

ডিজিটেল সংবাদ, টিহুঃ সমগ্ৰ ৰাজ্যৰ লগতে বানত ডুবিছে নলবাৰী জিলাৰ টিহু অঞ্চলো। পাগলাদিয়া, বুঢ়াদিয়া, কালদিয়া, টিহু নদীৰ লগতে কানাইখুন্দা জানৰ বাঢ়নী পানীয়ে টিহুৰ বিভিন্ন অঞ্চলবুৰাই পেলাইছে। যাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে কেইবাশতাধিক লোক। ইফালে বানৰ মাজতে বৃহস্পতিবাৰে পুৱা বালি গাঁৱত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বানত ডুবি মৃত্যু ঘটা যুৱকজন বালি গাঁৱৰ দেউৰীয়াপাৰা চুবুৰীৰ ভগীৰথ হালৈৰ বৰপুত্ৰ জিতুমণি হালৈ বুলি চিনাক্ত কৰে স্থানীয় লোকে। প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে দিনৰ প্ৰায় ১১.১৫ বজাত বালি গাঁৱৰ গাঁওবুঢ়া নগেন্দ্ৰ নাথ বৈশ্য আৰু টিহু ৰাজহ চক্ৰৰ অধীনৰ বালিৰ লাট মণ্ডল ঘনশ্যাম নাথ বানপীড়িত অঞ্চলটোলৈ বানত হোৱা ক্ষয়–ক্ষতিৰ তথ্য আহৰণৰ বাবে গৈছিল। এই সন্দৰ্ভত গাঁওবুঢ়া নগেন্দ্ৰ নাথ বৈশ্যই অসমীয়া প্ৰতিদিনৰ ডিজিটেল মাধ্যমৰ সাংবাদিকক কয় যে জিতুমণি হালৈয়ে স্থানীয় যুৱক অলকেশ শৰ্মাৰ সৈতে এখন ভেলত উঠি আছিল।

গাঁওবুঢ়াই হাত বাউলি মাতোতে জিতুমণি হালৈয়ে অলকেশ শৰ্মাৰ সৈতে তেওঁলোকৰ ঘৰৰ পৰা প্ৰায় পাঁচশ মিটাৰ আঁতৰৰ টিহু–কৈঠালকুছি পথৰ ওপৰত থকা তথ্য আহৰণকাৰী দলটোৰ ওচৰলৈ আহি স্থানীয়ভাৱে হোৱা ক্ষয়–ক্ষতিৰ বিতং তথ্য অৱগত কৰাই ঘৰলৈ উভতি গৈছিল। অৱশ্যে অলকেশ শৰ্মাই ভেলত নগৈ পথৰ ওপৰত থকা দলং পাৰ হৈ অন্য ঠাইলৈ গৈছিল। ইফালে বুধবাৰৰ সেই সময়ৰ পৰাই সন্ধানহীন হৈ পৰে ৰং মিস্ত্ৰী হিচাপে কাম কৰা জিতুমণি হালৈ।

বৃহস্পতিবাৰে পুৱা মৰা পাগলাদিয়া নদীৰ পানী যুঁৱলিত স্থানীয় ৰাইজে সন্ধানহীন যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছতে সমগ্ৰ অঞ্চলটোত হুৱাদুৱা লাগে। অৱশ্যে টিহু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰত্নকান্ত শৰ্মাই খবৰ পোৱা মাত্ৰেই বিষয়াগৰাকীৰ নেতৃত্বত আৰক্ষীৰ এটি দল ঘটনাস্থলীলৈ গৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মৰা পাগলদিয়া নদীৰ বাঢ়নীয়া পানীৰ প্ৰবল সোঁতে মথাউৰিটো ছিগাৰ ফলতে এই যুৱকজনে কৰুণ মৃত্যুক আকোঁৱালি ল'বলগীয়া হ'ল বুলি ৰাইজে দোহাঁৰি মৃত যুৱকজনৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনাইছে। ইফালে কৰুণ মৃত্যুক আকোঁৱালি লোৱা যুৱক জিতুমণি হালৈৰ বাসগৃহত স্থানীয় বিধায়ক মনেশ্বৰ ব্ৰহ্ম উপস্থিত হৈ সৎকাৰৰ বাবে পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদান কৰে। পৰিয়ালটোক চৰকাৰীভাৱে সাহায্য দিয়াৰ আশ্বাসো দিয়ে বৰমা সমষ্টিৰ বিধায়ক গৰাকীয়ে। তদুপৰি পৰিয়ালটোক অতি শীঘ্ৰে ঘৰ এটি দিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। অন্য এক মৰ্মান্তিক বিষয় যে প্ৰায় পাঁচ মাহ পূৰ্বে এক দুৰ্ঘটনাত মৃত যুৱকজনৰ মাতৃৰো মৃত্যু হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in