টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন…

টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত দুখন কাব্যগ্ৰন্থ উন্মোচন…

ডিজিটেল সংবাদ,টিহু : টিহুৰ সুৰভি গোষ্ঠীৰ উদ্যোগত ২৫ ফেব্ৰুৱাৰীত পখুৰা লখুপুৰ প্ৰাথমিক বিদ্যালয়ত জুনু গোস্বামীৰ 'জোনাক' সোণতৰা দেৱীৰ 'তোমাৰ ছাঁ খেদি' নামৰ দুখন কাব্যগ্ৰন্থ উন্মেচন কৰা হয় । এই উপলক্ষে সুৰভি গোষ্ঠীৰ সম্পাদক পংকজ প্ৰতিম শৰ্মাই আঁত ধৰা এখনি সভাত সোণতৰা দেৱীৰ 'তোমাৰ ছাঁ খেদি' নামৰ কাব্যগ্ৰন্থ উন্মোচন কৰি দক্ষিণ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসৱসৰীয়া অধ্যক্ষ ডঃ দিবাকৰ শৰ্মাই কয় যে সাহিত্য–কলা–সংস্কৃতি জীয়াই থাকিলেহে আমি জীয়াই থাকিম । অধ্যয়ন আৰু লেখাৰ গুৰুত্ব বিষয়ত বিস্তৃত ব্যাখ্যা আগ বঢ়াই তেওঁ জ্ঞানেহে মানুহক ওপৰলৈ নিব পাৰে বুলি মন্তব্য কৰে ।

জুনু গোস্বামীৰ 'জোনাক' নামৰ কাব্যগ্ৰন্থখন উন্মোচন কৰি সমাজসেৱিকা–টিহু মহকুমা কবি সন্মিলনৰ সভাপতি হিমানী মজুমদাৰে কয় যে লিখি থকাৰ সময়ত লেখকে ঈশ্বৰক ওচৰত পোৱা যেন অনুভৱ কৰে । সেয়ে লেখক স্বৰ্গৰ দূতলৈ ৰূপান্তৰ হয় । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ দিয়া ভাষণত প্ৰসংগত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই কয় যে সাহিত্য সাধনা আৰু লেখাৰ মহত্ত্ব অপাৰ । ক'তো বিচাৰি নোপোৱা সুখ পোৱা যায় সাহিত্যৰ ৰস মন্থন আৰু আস্বাদন কৰি । কাৰণ সাহিত্য সাধনা কৰা লোক সদায় একোখন নান্দনিক সুখ আৰু আনন্দৰ জগতত বাস কৰে । পৃথিৱীৰ দিগ্বিদিক জ্ঞান হেৰুওৱা বহু লোকে সাহিত্যৰ মহত্ত্বৰে মহিমা মণ্ডিত হ'ব পাৰিছে বুলিও সাহিত্য সংগঠকগৰাকীয়ে উল্লেখ কৰে ।

শিশু শিক্ষাৰ্থী ৰঞ্জিতা ভঁৰালী, ৰিয়া দত্ত আৰু কংকনা ভঁৰালীয়ে গোৱা বৃন্দগীতেৰে আৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাৰ পূৰ্বে প্ৰবীণ সাংস্কৃতিক কৰ্মী সদানন্দ ভঁৰালী আৰু পখুৰা লখুপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী–লেখিকা হিমানী দেৱী, প্ৰবীণ ক্ৰীড়াবিদ নাউধন মজুমদাৰ আৰু সমাজপ্ৰাণ দীপ্তি দেৱীয়ে বন্তি প্ৰজ্বলন কৰি শুভেচ্ছা মূলক ভাষণ প্ৰদান কৰে । সভাত জুনু গোস্বামী আৰু সোণতৰা দেৱীয়ে
গ্ৰন্থ প্ৰণয়নৰ আঁৰৰ বিষয়ে বিৱৰি কয় । পাপৰি দেৱী, অলকানন্দ ঠাকুৰীয়া, কৰৱী দেৱী, অনামিকা দেৱী, হিমানী দেৱী, কিশোৰ কুমাৰ মেধি, গজেন গোস্বামী, ডিম্পী দেৱী, পংকজ প্ৰতিম শৰ্মা প্ৰমুখ্যে কেইবাগৰাকীয়ে স্বৰচিত কবিতা পাঠ কৰা সভাখনৰ অসম সংগীত পৰিৱেশনৰ পাছতে সামৰণি ঘোষণা কৰা হয় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in