শেহতীয়া খবৰ
মাজুলীত নচলিব বহিৰাগত নেতাৰ দপদপনি : হুংকাৰ মাজুলী জিলা বিজেপিৰ সভাপতিৰ....  •  নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ....  •  নাগালেণ্ডৰ ডিমাপুৰত অনুষ্ঠিত হয় লায়ণ্স ক্লাৱৰ অধিবেশন ....  •  সমাগত বিধানসভা নিৰ্বাচনত বিজেপিক বৰ্জন কৰিব কোচ ৰাজবংশী জনগোষ্ঠীয়ে...  •  নতুন দিল্লীত দলীয় নেতৃত্বৰ ওচৰত ক্ষমা খুজিলে শিলাদিত্য দেবে...  •  দুধনৈত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থী ৰপে ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্যামজিৎ ৰাভা...  •  নাঁওবৈছাত নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাব বিজেপিয়ে,ৰাও গজেন্দ্ৰ সিঙ হ'ব সম্ভাব্য প্ৰাৰ্থী...  •  জাগীৰোড সমষ্টিত উষ্ম আদৰনি পিয়ুষ হাজৰিকাক...  •  ৬ নং বি এন বি এছ এফৰ উদ্যোগত ছিভিক এক্সছন অনুষ্ঠানৰ আয়োজন...  •  পশ্চিমবংগই শান্তি,সোণাৰ বাংলা, প্ৰগতিশীল বাংলা বিচাৰে : নৰেন্দ্ৰ মোডী

শিক্ষাবিদ- সাহিত্য সংগঠক বশিষ্ঠ গোস্বামী স্মৃতি অনুষ্ঠানৰ আয়োজন..

55

ডিজিটেল সংবাদ, টিহু : নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নলবাৰী সাহিত্য সমাজৰ সহযোগত ২৫ জুনত নন্দনতাত্ত্বিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ত্ৰৈলোক্যনাথ গোস্বামীৰ সুপুত্ৰ, বিশিষ্ট শিক্ষাব্ৰতী, সাহিত্য সংগঠক বশিষ্ঠ গোস্বামীলৈ একাঁজলি শ্ৰদ্ধা অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।

নলবাৰী সাহিত্য সমাজৰ সভাঘৰত আবেলি ৩.৪৫ বজাত আয়োজিত কাৰ্যসূচী সম্দৰ্ভত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু নলবাৰী সাহিত্য সমাজৰ সম্পাদক নৱ কুমাৰ তালুকদাৰে জনোৱা অনুসৰি বশিষ্ঠ গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বিশিষ্ট শিক্ষাব্ৰতী প্ৰমোদ চন্দ্ৰ ডেকাই ।

প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব বশিষ্ঠ গোস্বামীৰ জ্যেষ্ঠা দুহিতা পূৰৱী গোস্বামীয়ে । ইয়াৰ পাছতে হ’বলগীয়া বশিষ্ঠ গোস্বামী স্মাৰক সভাত সভাপতিত্ব কৰিব নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । স্মাৰক সভাত ‘বশিষ্ঠ গোস্বামীৰ জীৱন–চৰ্যাত সামাজিকতা’ বিষয়ত আলোকপাত কৰিব নলবাৰীৰ শংকৰদেৱ একাডেমিৰ সমন্বয়ক ডঃ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই ।

‘সাংগঠনিক দৃষ্টিকোণেৰে বশিষ্ঠ গোস্বামী’ বিষয়ত আলোকপাত কৰিব নলবাৰী সাহিত্য সমাজৰ উপ সভাপতি তথা জনপ্ৰিয় কবি বিনয় কুমাৰ মজুমদাৰে । আকৌ ‘মানুহ কৰ্মেৰে অ–মৃত হৈ ৰয়’ বিষয়ত আলোকপাত কৰিব কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ডঃ কবিতা চৌধুৰীয়ে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি