টিহুত ‘কেব’ৰ বিৰোধিতাৰে আছুৰ “মুখ্যমন্ত্ৰীৰ শ্মশান যাত্ৰা” কাৰ্যসূচী… VIDEO

টিহুত ‘কেব’ৰ বিৰোধিতাৰে আছুৰ “মুখ্যমন্ত্ৰীৰ শ্মশান যাত্ৰা” কাৰ্যসূচী… VIDEO

ডিজিটেল সংবাদ, টিহুঃ কেন্দ্ৰীয় চৰকাৰে সংসদৰ শীতকালীন অধিৱেশনত গ্ৰহণ কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)ৰ তীব্ৰ বিৰোধিতাৰে শনিবাৰে সন্ধিয়া টিহু আঞ্চলিক ছাত্ৰ সন্থাই টিহু নগৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। শনিবাৰে সন্ধিয়া টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদী সদস্যসকলে প্ৰতীকি ৰূপত "অসমৰ মুখ্যমন্ত্ৰীৰ শ্মশান যাত্ৰা" কাৰ্যসূচী ৰূপায়ণ কৰে।

আছুৰ প্ৰতিবাদকাৰীসকলে টিহু নগৰৰ শ্বহীদ উদ্যানত থকা টিহু আঞ্চলিক ছাত্ৰ সন্হাৰ কাৰ্যালয়ৰ পৰা টিহু নগৰ পৰিভ্ৰমণ কৰি "আছু জিন্দাবাদ", "নাগৰিকত্ব সংশোধনী বিধেয়ক মানি লোৱা নহ'ব", "কেন্দ্ৰৰ বিজেপি চৰকাৰ হায় হায়'', "খিলঞ্জীয়া বিৰোধী বিধেয়ক মানি লোৱা নহ'ব" আদি চৰকাৰ বিৰোধী ধ্বনিৰে সমগ্ৰ টিহু নগৰ উত্তাল কৰি তোলে।

আছুৰ উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুল বৰ্মন, প্ৰাক্তন আছু নেতা হিতেশ বৰ্মন আদি আছু নেতাসকলে অংশ গ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কক জাতিধ্বংসী আখ্যা দি উক্ত আইনৰ তীব্ৰ বিৰোধিতা কৰে। পাছত আৰক্ষীৰ তীব্ৰ বাধাকো নেওচি আছুৰ প্ৰতিবাদকাৰীসকলে টিহুৰ হালধিবাৰী চ'কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতীকি শৱ দাহ কাৰ্যসূচী ৰূপায়ণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in