টিহু আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়ত অগ্নিসংযোগ, দোষীক কৰায়ত্ত নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ…

টিহু আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়ত অগ্নিসংযোগ, দোষীক কৰায়ত্ত নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ…

প্ৰতিদিন সংবাদ, নলবাৰীঃ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যলয়ত সোমবাৰে নিশা দুৰ্বৃত্তই অগ্নি সংযোগ কৰা ঘটনাই সমগ্ৰ নলবাৰীতে উত্তেজনাৰ সৃষ্টি কৰিছে৷ এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰাকক্ষণত সংঘটিত উক্ত ঘৃণনীয় আৰু প্ৰতিক্ৰিয়াশীল ঘটনাৰ জৰিয়তে একাংশ দুষ্কৃতিকাৰীয়ে নলবাৰী জিলাৰ লগতে সমগ্ৰ অসমত অশান্তিময় পৰিবেশ সৃষ্টি কৰিব বিচৰা বুলি অভিযোগ কৰে ছাত্ৰ সন্থাটোৱে।

নলবাৰী জিলা ছাত্ৰ সন্থাই এক প্ৰেছ বিবৃতিত কয় যে- সদৌ অসম ছাত্ৰ সন্থাই এখন অবৈধ বিদেশীৰ নামমুক্ত শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিচাৰে৷ সেয়েহে সকলো ৰাইজক সংযম ৰক্ষা কৰিবলৈ আহ্বান জনোৱাৰ লগতে টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যলয়ত সোমবাৰে নিশা সংঘটিত কৰা নিন্দনীয় ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবী জনাইছে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কলিতা আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই।

সন্থাৰ এটি সজাতি দলে নলবাৰী জিলা উপাযুক্ত ভাৰতভূষণ দেৱ চৌধুৰী আৰু আৰক্ষী অধীক্ষক অমনজিৎ কৌৰক পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰি এই দাবী জনায়৷ ঘটনাত জড়িত ব্যক্তিক প্ৰশাসনে অতিশীঘ্ৰে কৰায়ত্ত কৰি শাস্তি প্ৰদান নকৰিলে ৰাইজৰ সহযোগত কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও সকীয়াই দিয়ে ছাত্ৰ সন্থাই৷।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in