দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত নাহৰফুটুকীৰ পোৱালী উদ্ধাৰ

দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত নাহৰফুটুকীৰ পোৱালী উদ্ধাৰ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত শনিবাৰে পুৱাৰ ভাগত এটা নাহৰফুটুকী ভাগৰ পোৱালি ৰাইজে উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়াৰ পাছত আৰক্ষীয়ে বাঘৰ পোৱালিটো বন বিভাগক গতাই দিয়ে। উল্লেখযোগ্য যে, ফকিৰগঞ্জ থানা এলেকাৰ অধীনস্থ মৌলানা ভাসানী মহাবিদ্যালয়ৰ কাষত থকা মকৰ আলী নামৰ লোকজনৰ ঘৰৰ পিছফালে থকা বাঁহ গছৰ ওপৰত পুৱাৰ ভাগত লোকজনে বাঘটো দেখা পায়।

প্ৰথমে লোকজনে বাঘ দেখি ভয় কৰিছিল যদিও পাছত পোৱালি বুলি নিশ্চিত হৈ গছৰ পৰা নমাবলৈ চেষ্টা কৰাত নাহৰফুটুকী বাঘৰ পোৱালিটো গছৰ পৰা নামি পলাবলৈ ধৰে। স্থানীয় ৰাইজে পিছে পিছে খেদি খেদি বাঘৰ পোৱালিটো উদ্ধাৰ কৰি ফকিৰগঞ্জ আৰক্ষীক খবৰ দিয়াত ফকিৰগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে বাঘৰ পোৱালিটো আৰক্ষীক চমজাই দিয়ে। ফলত আৰক্ষীয়ে ধুবুৰী বন বিভাগৰ হাতত চমজাই দিয়ে।

মন কৰিবলগীয়া যে, ফকিৰগঞ্জৰ ব্যৱসায়ী এজনে গোৱালপাৰা জিলাৰ পাহাৰৰ পৰা শুকুৰবাৰে নিশা পিক আপ ভান এখেনেৰে ভৰ্তি কৰি চুপাৰি(তামোল) লৈ আহে। উক্ত পিক আপ ভানৰ ওপৰত বাঘৰ পোৱালিটো অহা বুলি স্থানীয় ৰাইজে ধাৰণা কৰিছে। ইফালে ইয়াৰ পূৰ্বেও অঞ্চলটোত কেবাবাৰো বাঘ উদ্ধাৰ হৈছিল। পোৱালি জন্ম দিয়াৰ বাবে বাঘ পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহি চৰৰ মাজত আশ্ৰয় লোৱা বুলিও একাংশলোকে মত প্ৰকাশ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in