কম দামত টিকট বিক্ৰীৰ বাবেই লোকচানৰ সন্মুখীন হ’বলগা হৈছে বিমান সেৱা প্ৰতিষ্ঠানসমূহঃ মন্ত্ৰীৰ দাবী

কম দামত টিকট বিক্ৰীৰ বাবেই লোকচানৰ সন্মুখীন হ’বলগা হৈছে বিমান সেৱা প্ৰতিষ্ঠানসমূহঃ মন্ত্ৰীৰ দাবী

ডিজিটেল ডেস্কঃ দেশৰ ইটোৰ পিছত সিটো বিমান সেৱা প্ৰতিষ্ঠান লোকচনাৰ সন্মুখীন হৈ বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। ভাৰতীয় বিমান সেৱা প্ৰতিষ্ঠানৰ এনে শোচনীয় অৱস্থাত উদ্বেগ প্ৰকাশ কৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে। বুধবাৰে তেওঁ সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কয় যে বিমান সেৱা প্ৰতিষ্ঠানসমূহৰ এনে শোচনীয় অৱস্থাৰ কাৰণ হৈছে কম মূল্যত বিমান টিকট বিক্ৰী। এনে অৱস্থা অব্যাহত থাকিলে বিমান সেৱা প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰিব বুলিও আশংকা ব্যক্ত কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

বিমান পৰিবহণ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয়, 'আমোদজনক কথাটো হ'ল- ২০ বছৰ পূৰ্বে দিল্লীৰ পৰা মুম্বাইলৈ বিমানেৰে যাবলৈ গড় ভাড়া আছিল ৫১০০ টকা। কিন্তু আজি দিল্লী-মুম্বাই বিমান যাত্ৰাত ভাড়া লাগে ৪,৬০০ টকা। ইয়াৰ অৰ্থ এয়াই যে এতিয়া কম দামত টিকট বিক্ৰী কৰা হৈছে। আৰু এনেদৰে চলি থাকিলে এসময়ত বিমান সেৱা প্ৰতিষ্ঠানসমূহ বন্ধ কৰাৰ গত্যন্তৰ নাথাকিব। এয়া কেৱল ভাৰতীয় বিমান সেৱাৰে সমস্যা নহয়। জেট এয়াৰৱেজ বন্ধ হৈ পৰিছে, তাৰ পূৰ্বে বন্ধ হৈ পৰিছে কিংফিচাৰ এয়াৰলাইন।

আনহাতে বিমান সেৱা প্ৰতিষ্ঠানসমূহৰ এনে লোকচানৰ প্ৰতি লক্ষ্য ৰখি চৰকাৰে বিমানৰ ভাড়া নিৰ্ধাৰণ কৰি দিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়, 'কোন বিমান পথত কিমান ভাড়া হোৱা উচিত, সেয়া চৰকাৰে নিৰ্ধাৰণ কৰি নিদিয়ে। বিমান সেৱা প্ৰতিষ্ঠানসমূহেই সেই ভাড়া নিৰ্ধাৰণ কৰিব লাগিব।'

প্ৰণিধানযোগ্য যে, ২০১৯-২০ বিত্তীয় বৰ্ষৰ দ্বিতীয় কোৱাৰ্টাৰত দেশৰ দুই বৃহত্তম বিমান সেৱা প্ৰতিষ্ঠান ইণ্ডিগ' আৰু স্পাইছজেটে ক্ৰমে ১০৬২ কোটি আৰু ৪৬৩ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in