প্ৰথমবাৰৰ বাবে বলীউডত একেলগে বিগ বি-মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট

প্ৰথমবাৰৰ বাবে বলীউডত একেলগে বিগ বি-মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট

ডিজিটেল ডেস্কঃ যশৰাজ ফিল্ম বেনাৰত নিৰ্মাণ হ'বলগীয়া বহু চৰ্চিত ছবি 'Thugs of Hindostan' মুক্তি হ'ব পাৰে অহা ৭ বা ৮ নৱেম্বৰত।

পৰিচালক বিজয় কৃষ্ণ আচাৰ্যই নিৰ্মাণ কৰা এই ছবিখনত পোনপ্ৰথমবাৰৰ বাবে একেলগে দেখা যাব বলীউডৰ বিগ বি অমিতাভ বচ্চন আৰু মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট আমিৰ খানক।

ছবিখনৰ আন মুখ্য চৰিত্ৰত অভিনয় কৰিব কেটৰিণা কাঈফে। বলীউডৰ বিগ বাজেটৰ এই ছবিখন 'Philip Meadows Taylor'ৰ 'Confessions of a Thug' উপন্যাসখনৰ আধাৰত নিৰ্মাণ কৰা হ'ব। ছবিখনৰ সংগীত পৰিচালনা কৰিছে অজয়-অতুলে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in