জম্ম কাশ্মীৰৰ সংঘৰ্ষত জইচ ই মহম্মদৰ আই. ই. ডি. বিশেষজ্ঞসহ তিনি সন্ত্ৰাসবাদী নিহত…

জম্ম কাশ্মীৰৰ সংঘৰ্ষত জইচ ই মহম্মদৰ আই. ই. ডি. বিশেষজ্ঞসহ তিনি সন্ত্ৰাসবাদী নিহত…

ডিজিটেল সংবাদঃ দক্ষিণ কাশ্মীৰৰ কুলগামত শুকুৰবাৰে পুৱা সেনা আৰু উগ্ৰপন্থীৰে হোৱা সংঘৰ্ষত নিহত হয় তিনি দুধৰ্ষ সন্ত্ৰাসবাদী। সেনাৰ সুত্ৰত প্ৰকাশ পোৱা অনুসৰি সংঘৰ্ষত আহত হয় তিনিজনকৈ ভাৰতীয় সেনা। নিহত কেইজনৰ ভিতৰত এজন জইচ ই মহম্মদৰ আই.ই. ডি বিশেষজ্ঞ কামাণ্ডাৰ ৱালিদ বুলি চিনাক্ত হৈছে যদিও আন দুজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।

দুধৰ্ষ ৱালিডেই নেতৃত্ব দি আহিছিল সন্ত্ৰাসবাদীৰ গোটটোক। বিগত ডেৰ বছৰে কাশ্মীৰৰ কুলগাম অঞ্চলত সক্ৰিয় হৈ ৱালিড। সুত্ৰত প্ৰকাশ পোৱা অনুসৰি ভাৰতীয় সেনাৰ ম'ষ্ট ৱান্টেড ৱালিড বিগত দুমাহত চাৰিবাৰকৈ সেনাৰ হাতৰপৰা পলাই সাৰিবলৈ সক্ষম হৈছিল।


এক গোপন সুত্ৰৰ পৰা কুলগামাত উগ্ৰপন্থীৰ গোটটোৱে ঘাটি পতাৰ খবৰ পাই সোমবাৰে পুৱা কাশ্মীৰ আৰক্ষী, অৰ্ধ সামৰিক বাহিনী আৰু সেনাৰ এটা দলে অভিযান আৰম্ভ কৰাৰ সময়তে উগ্ৰপন্থী সংগঠনটোৱে সেনাবাহিনীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। প্ৰত্যুত্তৰত সেনাবাহিনীয়েও গুলীচালনা কৰাত থিতাতে নিহত হয় সন্ত্ৰাসবাদী তিনিটা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in