ওৰাঙত বৃহৎ পৰিমাণৰ নিষিদ্ধ ধপাত জাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী…

ওৰাঙত বৃহৎ পৰিমাণৰ নিষিদ্ধ ধপাত জাতীয় সামগ্ৰীসহ আৰক্ষীৰ জালত তিনি সৰবৰাহকাৰী…

ডিজিটেল সংবাদ, ওৰাং: ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত নিছলামাৰি প্ৰেট্ৰ'ল ডিপ'ৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ পৰিমাণৰ ধপাত জাতীয় সামগ্ৰী জব্দ কৰে ওৰাং আৰক্ষীয়ে। ওৰাং আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি এখন ট্ৰাকৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ধপাত জাতীয় সামগ্ৰীখিনি। ডব্লিউ বি ৬৩ এ ৩২৭৬ নম্বৰৰ এখন দহচকীয়া ট্ৰাকত আনিছিল এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ধপাত জাতীয় সামগ্ৰীখিনি ।

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তেজপুৰ অভিমুখে গৈ আছিল ট্ৰাকখন। আৰক্ষীৰ লোকে জনোৱা মতে উপযুক্ত নথি পত্ৰৰ অবিহনে এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ধপাতখিনি কঢ়িয়াই আনিছিল তিনিজন লোকে। নিষিদ্ধ জব্দকূত ধপাত খিনিৰ ওজন ৩৩৯০ কেজি বুলি জানিব পৰা গৈছে । ইতিমধ্যে এই বৃহৎ পৰিমাণৰ নিষিদ্ধ ধপাত খিনিৰ লগতে তিনি গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে ওৰাং আৰক্ষীয়ে । নিষিদ্ধ ধপাত খিনিৰ উপযুক্ত নথি পত্ৰ প্ৰদান কৰিব নোৱাৰি আৰক্ষীৰ জালত পৰা লোক তিনিজন হৈছে ফিৰদুচ ৰহমান, আজিজুল হুক আৰু কপিল হুচ্ছেইন ।

আৰক্ষীৰ জালত পৰা তিনি গৰাকী লোকেই পশ্চিম বংগৰ বুলি জানিব পৰা গৈছে। লকডাউনৰ সুযোগ লৈ ক্ৰমাৎ যেন নিষিদ্ধ সামগ্ৰীৰ ৰমৰমিয়া বেহাৰ চক্ৰ চলি আছে এতিয়া ৰাজ্যত। ইফালে নিষিদ্ধ ধপাত জাতীয় সামগ্ৰী সৰবৰাহ কৰি তিনি জন লোক আৰক্ষীৰ জালত পৰাৰ পিছত নিষিদ্ধ ধপাত সৰবৰাহকাৰী চক্ৰটোৱে ওৰাং আৰক্ষী থানাৰ বিষয়াক এমাহস ভিতৰত বদলি কৰণৰ ভাবুকি প্ৰদান কৰিছে ।

এমাহৰ ভিতৰত ওৰাং আৰক্ষী থানাৰ আৰক্ষী বিষয়াক ওৰাং থানাৰ পৰা বদলি কৰণৰ ভাবুকি প্ৰদান কৰাৰ পৰাই অনুমান কৰিব পাৰি যে ৰাজ্যত লকডাউনৰ সুযোগ লৈ কিদৰে গঢ়ি উঠিছে নিষিদ্ধ ধপাতৰ শক্তিশালী চক্ৰ। যাৰবাবে নিষিদ্ধ ধপাতৰ শক্তিশালী চক্ৰই ভাবুকি প্ৰদান কৰিব পৰা হৈছে আৰক্ষী বিষয়াকো। সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে ওৰাং আৰক্ষীয়ে ৫৬/২০ইউ/এছ১৮৮/৩৭৯/৪১১/৪২০/৩৪ নম্বৰৰ গোচৰ ৰুজু কৰি নিষিদ্ধ ধপাত সৰবৰাহৰকাৰী তিনি গৰাকী লোককে জেল হাজোতলৈ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in