মৰিয়নিত পিতৃ, মাতৃ আৰু কন্যাক দাৰে ঘপিয়াই হত্যাঃ আৰ্তনাদ শুনিও ওলাই নাহিল কোনো…

মৰিয়নিত পিতৃ, মাতৃ আৰু কন্যাক দাৰে ঘপিয়াই হত্যাঃ আৰ্তনাদ শুনিও ওলাই নাহিল কোনো…

ডিজিটেল সংবাদ মৰিয়নি: মৰিয়নিত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড। মৰিয়নিৰ নকচাৰী খাটিসোনাৰ এটা পৰিত্যক্ত ইটাভাটাৰ শ্ৰমিকৰ আৱাসত থকা এটা পৰিয়ালক দাৰে ঘপিয়াই টুকুৰা টুকুৰকৈ কাটি হত্যা কৰে। দুৰ্বৃত্তৰ হত্যাৰ বলি হয় সোনতি বৰা তেওঁৰ পত্নী তুলু বৰা আৰু জীয়ৰী মনাচিলা বৰা (১৬)।

ঘটনাৰ বিৱৰণ অনুসৰি নিশা প্ৰায় ১:৩০বজাত ইটাভাটাৰ এটা শ্ৰমিক আবাসৰপৰা হঠাৎ ভাহি আহিছিল মৰণকাতৰ আৰ্তনাদ।কিন্ত বৰষুণ দি থকাৰ বাবে সমীপৰ কোনো লোক নিশা ওলাই অহা নাছিল । ইফালে আজি পুৱা ১০বজাত এটি কিশোৰে উক্ত ঘৰটোত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত লোক কেইজনক প্ৰত্যক্ষ কৰে। ইয়াৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনা।

এই হত্যা কাণ্ড সন্দৰ্ভত যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীৰ নেতৃত্বত স্নিফাৰ ডগ লৈ অভিযান অব্যাহত আছে। এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ আৰক্ষীৰ। মৃত সোনতি বৰাৰ ঘৰ লখিমপুৰত বুলি জানিব পৰা গৈছে।ঘটনাস্থলীৰ পৰিবেশ দেখি সোনতি বৰাৰ পত্নীয়ে হত্যাকাণ্ডৰ মাজতে কোঠাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল যদিও চোতালতে হত্যাকাৰীয়ে দাৰে ঘপিয়াই চোতলাৰ পৰা চুচৰাই পুনৰ কোঠাৰ ভিতৰলৈ নি নৃশংসভাবে হত্যা কৰা সন্দেহ কৰা হৈছে।

মৃতদেহ উদ্ধাৰ হোৱা বাসগৃহটোৰ ভিতৰৰ বস্তু বাহনি লণ্ডভণ্ড হৈ থকাৰ লগতে চোতালত দুখন দা,টৰ্ছ লাইট আৰু চোলা উদ্ধাৰ হৈছে। তিনিজনীয়া হত্যাকাণ্ডটোৱে সমগ্ৰ যোৰহাট জিলাতে চাঞ্চল্য সৃষ্টি কৰিছে। মন কৰিবলগীয়া যে হত্যাকাণ্ড সংঘটিত স্থানত উদ্ধাৰ হোৱা এটা বেগৰপৰা আৰক্ষীয়ে হত্যাকাৰীৰ বিশেষ ক্লু লাভ কৰিছে।

বেগত উদ্ধাৰ হোৱা এখন দা আৰু এটা কামিজ মৰিয়নিৰ নকচাৰীৰ অফলাৰ তৰুণ দাস নামৰ ব্যক্তিৰ বুলি তৰুণ দাসৰ পৰিয়ালৰ লোকে চিনাক্ত কৰিছে।তৰুণ দাস দেবেৰাপাৰা চাৰিআলিত মাছ বিক্ৰেতা আছিল।জানিবপৰামতে মৃত সোনতি বৰাৰ কন্যা মনালিচাৰ সৈতে অবৈধ সম্পৰ্কৰ পৰিণতিত হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in