ৰঙিয়াত ৪দিন ধৰি সন্ধানহীন ৩ শিশু

ৰঙিয়াত ৪দিন ধৰি সন্ধানহীন ৩ শিশু

ডিজিটেল সংবাদ, তুলসীবাৰীঃ ৰঙিয়াৰ নিকটৱৰ্তী চিৰাখুন্দিৰ পৰা তিনিটাকৈ শিশু সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত বাতৰি মতে ১৮ ছেপ্টেম্বৰৰ পুৱাৰ ভাগত আতাউৰ ৰহমানৰ পুত্ৰ আৰিফুল আলী (৯), অহাৰ আলীৰ পুত্ৰ নজৰুল হক (১৩) আৰু ফজল আলিৰ পুত্ৰ ছহিদুল ইছলাম (১৪) ঘৰৰ পৰা একেলগে ওলাই অহাৰ পাছতে সন্ধানহীন হৈ পৰে।

অপ্ৰত্যাশিত এই ঘটনাটোৰ বিষয়ে বহু পলমকৈ জ্ঞাত হোৱাত চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে পৰিয়াল তিনিটাৰ লোকে চৌদিশে বিচাৰ খোচাৰ কৰে যদিও কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম নোহোৱাত কাউৰবাহা আৰক্ষী চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।

সন্ধানহীন হৈ থকা শিশুকেইটিৰ সম্ভেদ পালে ৭০০২২-৯৮২৬১ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে উদ্বিগ্ন পৰিয়ালকেইটাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in