মৰিগাঁওত পিষ্টল,সজীৱ গুলী সহ তিনিজনক আটক…

মৰিগাঁওত  পিষ্টল,সজীৱ গুলী সহ তিনিজনক আটক…

ডিজিটেল সংবাদ,মৰিগাঁও : নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত মৰিগাঁওত জব্দ পিষ্টল, সজীৱ গুলী,আটক তিনি জন৷মৰিগাঁও আৰক্ষীয়ে জব্দ কৰে ২ টা পিষ্টল , ১৩ জাই সজীৱ গুলী৷ডিমাপুৰৰ পৰা মৈৰাবাৰীলৈ আনি থকা অৱস্থাত এখন বাছত এই পিষ্টল সহ আটক কৰে তিনিজন লোকক৷

নমন মামৰ বাছ এখন ধনৰ বিনিময়ত পিষ্টল কঢ়িয়াই অনা মুল অভিযুক্ত আচাদুল ইছলাম চৈয়দুল ইছলামক আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে৷ অভিযুক্ত লোক সকলৰ পৰা মোবাইল ফোনো জব্দ কৰে আৰক্ষীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in