এইবাৰ আলফা স্বাধীনৰ মধ্যস্থতাকাৰী হ’ব বিধায়ক ৰূপজ্যোতি কুৰ্মী…

এইবাৰ আলফা স্বাধীনৰ মধ্যস্থতাকাৰী হ’ব বিধায়ক ৰূপজ্যোতি কুৰ্মী…

ডিজিটেল সংবাদ,মৰিয়নি : আলফাৰ লগত মধ্যস্থতা কাৰী হ'বলৈ সাজু মৰিয়নি সমষ্টিৰ পৰা চতুৰ্থ বাৰৰ বাবে জয়ী ৰূপজ্যোতি কুৰ্মী । চতুৰ্থ বাৰৰ বাবে মৰিয়নি সমষ্টিৰ পৰা জয়ী হ'বলৈ সক্ষম হোৱা ৰূপজ্যোতি কুৰ্মীয়ে শান্তি আলোচনাৰ বাবে আলফাৰ লগত মধ্যস্থতা কাৰী হ'বলৈ সাজু বুলি প্ৰকাশ কৰে।

বিধায়ক গৰাকীয়ে নিজৰ জয়ৰ ঘোষণা হোৱাৰ পাছতে অসমীয়া প্ৰতিদিনৰে হোৱা মত বিনিময়ত আলফাৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক অস্ত্ৰ সম্বৰন কৰি শান্তি আলোচনালৈ আহিবলৈ আহ্বান জনায়। ভাৰতৰ দৰে গনতান্ত্ৰিক দেশত সশস্ত্ৰ পন্থাই কেতিয়াও সফলতা লাভ নকৰে বুলি উল্লেখ কৰি বিধায়ক গৰাকীয়ে অসমৰ বি এল টিকে ধৰি বহু উগ্ৰপন্থী সংগঠনৰ সদস্যই সশস্ত্ৰ পন্থা ত্যাগ কৰি মন্ত্ৰী বিধায়ক হোৱা বুলি উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in