অভিলেখঃ ১২ বছৰ বয়সতে দিব মেট্ৰিক…

অভিলেখঃ ১২ বছৰ বয়সতে দিব মেট্ৰিক…

ডিজিটেল ডেস্কঃ মণিপুৰৰ ১২ বছৰীয়া এগৰাকী ছাত্ৰই গঢ়িলে অভিলেখ। ছাত্ৰগৰাকীৰ নাম Issac Paulallungmuan Vaiphei। মণিপুৰৰ চৌৰাচান্দপুৰ জিলাৰ Kangvai গাৱঁৰ নিৱাসী এই ছাত্ৰজন। ১২ বছৰীয়া এই ছাত্ৰজনে শেহতীয়াকৈ সমগ্ৰ দেশৰ শৈক্ষিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে।

মণিপুৰৰ Issac Paulallungmuan Vaiphei নামৰ এই ছাত্ৰজনে ১২ বছৰৰ বয়সতে বহিব হাইস্কুল শিক্ষান্ত পৰীক্ষাত। মণিপুৰৰ বৰ্ড অফ চেকেণ্ডাৰী এডুকেশ্বনে ১২ বছৰ বয়সতে ছাত্ৰগৰাকীক পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বহা Issac Paulallungmuan Vaiphei মণিপুৰৰ সবাতোকৈ কনিষ্ঠ ছাত্ৰৰ স্বীকৃতি লাভ কৰে।

দশম শ্ৰেণীৰ পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰাৰ আগেয়ে বৰ্ডে Issac Paulallungmuan Vaipheiৰ বৌদ্ধিক পৰীক্ষাও সম্পন্ন কৰে। ইম্ফলৰ ৰিম্স ক্লিনিক ছাইক'লজীত কৰা বৌদ্ধিক পৰীক্ষাত ১২ বছৰীয়া ছাত্ৰ জনৰ আই কিই ১৪১ পোৱা গৈছিল। ছাত্ৰজনে ১২ বছৰ বয়সতে মগজুৰ বিকাশত ১৭ বছৰ ৫ মাহৰ বৌদ্ধিক স্তৰত প্ৰৱেশ কৰিছে।

আনহাতে সংবাদ মাধ্যমক সন্মুখত Issac Paulallungmuan Vaipheiয়ে কয়, মই খুবেই আনন্দিত। মই মহান বিজ্ঞানী নিউটনক আদৰ্শ হিচাপে মানো। তেওঁৰ আৰু মোৰ নামো বহুখিনি সাদৃশ্য আছে।ভৱিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে Issac Paulallungmuan Vaipheiয়ে।

অহা বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা হব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰিছে Issac Paulallungmuan Vaipheiয়ে। Mt Olive বিদ্যালয়ত অধ্যয়ন কৰা Issac Paulallungmuan Vaiphei শেষৰটো পৰীক্ষাত ৭৮ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছে। ২০২০ ৰ ফেব্ৰুৱাৰীত Issac Paulallungmuan Vaipheiৰ বয়স হবগৈ ১২ বছৰ ৩ মাহ।


Naina Jaiswal

উল্লেখ্য যে, ১২ বছৰ বয়সতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীণ হোৱা Issac Paulallungmuan Vaiphei উত্তৰ-পূবৰ সবাতোকৈ কনিষ্ঠ শিক্ষাৰ্থী। ইয়াৰ পূৰ্বে হায়দৰাবাদৰ Naina Jaiswal নামৰ এগৰাকী ছাত্ৰী ৮ বছৰ বয়সতে এই পৰীক্ষাত অৱৰ্তীণ হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in