শেহতীয়া খবৰ
লখিমপুৰৰ বগীনদীত কেবৰ বিৰুদ্ধে ৭ সংগঠনৰ প্ৰতিবাদ-পথ অৱৰোধৰ লগতে প্ৰতিকৃতি দাহ  •  ডিব্ৰুগড়ত 'No Cab' আতংক! বিধায়কৰ ঘৰ, এজিপি-বিজেপিকে ধৰি সকলো ৰাজনৈতিক দলৰে কাৰ্যালয়ত আছুৰ কেব বিৰোধী অভিযান, VIDEO  •  কৰ্ণাটকত অস্ত্ৰ আৰু ৫খন বাহনসহ ৪ দুৰ্বৃত্তক গ্ৰেপ্তাৰ...  •  কেবৰ বিৰুদ্ধে কটনিয়ানৰ প্ৰতিবাদঃ কটন বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদকৰে বিশেষ আলাপ...  •  কোকৰাঝাৰত নেচনেল ইনিচিয়েটিভ ফৰ স্কুল হেড এণ্ড টিচাৰ্ছ হলিষ্টিক এডভান্সমেণ্ট চমুকৈ নিষ্ঠাৰ প্ৰশিক্ষণ সমাপ্ত, শিক্ষা হ'ল জীৱনৰ লাইখূঁটাঃ জে পি ব্ৰহ্ম  •  ১০০ শতাংশ অপৰাধ দূৰ কৰাতো ভগৱান ৰামৰ বাবেও হয়তো সম্ভৱ নহয়ঃ মন্ত্ৰী ৰণবেন্দ্ৰ প্ৰতাপ সিং... VIDEO  •  প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, চেঙাত আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী, VIDEO  •  শিক্ষা বিভাগৰ আজৱ কাণ্ড! অসমীয়া মাধ্যমৰ বিদ্যালয়ত বিলালে বাংলা ভাষাৰ পুথি, VIDEO  •  ২২ ডিচেম্বৰত মহানগৰীত 'আছাম কিডছ ছুপাৰ টেলেণ্ট' প্ৰতিযোগিতা, প্ৰদান কৰা হ'ব 'চিলড্ৰেন ছুপাৰ টেলেণ্ট এৱাৰ্ড, ২০১৯’  •  তামিলনাডুৰ নদীত জাৱৰ পেলালে টাউন পঞ্চায়ত কৰ্মীয়ে... VIDEO

শিৱসেনা-কংগ্ৰেছ-এনচিপিৰ মিত্ৰতা সুবিধাবাদী, এই মিত্ৰতাই এখন সুস্থ চৰকাৰ গঠন কৰিব নোৱাৰেঃ নীতিন গাডকাৰী

335

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰত শিৱসেনা-কংগ্ৰেছ আৰু এনচিপিৰ ত্ৰিদলীয় চৰকাৰ গঠন প্ৰায় নিশ্চিত হোৱাৰ পিছতে শিৱসেনা-বিজেপিৰ মিত্ৰতা ভংগক লৈ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। শুকুৰবাৰে সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে শিৱসেনা-কংগ্ৰেছ আৰু এনচিপিৰ মিত্ৰতা সুবিধাবাদী মিত্ৰতাহে। এই মিত্ৰতাই মহাৰাষ্ট্ৰত এখন সুস্থ চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’ব বুলিও মন্তব্য কৰে নীতিন গাডকাৰীয়ে।

আনহাতে বিজেপিৰে শিৱসেনাৰ মিত্ৰতা হিন্দুত্ববাদী আদৰ্শৰ ভিত্তিত হৈছিল বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, ‘বিজেপি আৰু শিৱসেনাৰ মাজৰ মিত্ৰতা হিন্দুত্ববাদী আদৰ্শৰ আধাৰত হৈছিল। আজিও আমাৰ মাজত আদৰ্শৰ বৰ বেছি পাৰ্থক্য নাই। কেতবোৰ মিত্ৰতা ভংগই কেৱল দেশৰে ক্ষতি নকৰে, বৰং মহাৰাষ্ট্ৰৰ হিন্দুত্ববাদী ভাৱধাৰাতো ইয়ে প্ৰভাৱ পেলাব।’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘শিৱসেনা-কংগ্ৰেছ আৰু এনচিপিৰ মিত্ৰতা সুবিধাৰ বাবে গঢ়ি উঠা মিত্ৰতা। এই মিত্ৰতাৰ কোনো নিজস্ব স্থিতি নাই। এই মিত্ৰতাই মহাৰাষ্ট্ৰত সুস্থ আৰু উন্নয়নকামী চৰকাৰ গঠন কৰিব নোৱাৰে।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি