‘কা’ক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা ভূপেন্দ্ৰ সিং হুডাৰ, ক’লে- ‘এই আইনখনৰ ন্যায়িক পৰ্যবেক্ষণ হোৱা উচিত’

‘কা’ক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা ভূপেন্দ্ৰ সিং হুডাৰ, ক’লে- ‘এই আইনখনৰ ন্যায়িক পৰ্যবেক্ষণ হোৱা উচিত’

ডিজিটেল ডেস্কঃ সোমবাৰে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ সিং হুডাই কয় যে এতিয়া কোনো ৰাজ্যই নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাকৈ থাকিব নোৱাৰে। উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ছত্তীশগড়, কেৰালা, পঞ্জাৱকে ধৰি কেইবাখনো ৰাজ্যই বিধানসভাত প্ৰস্তাৱ গৃহীত কৰাৰ সময়তে আইনখনক লৈ এই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে।

হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'কোনো এখন আইন বা অধিনিয়ম দুই সদনত গৃহীত হোৱাৰ পিছত সেই আইনখন কোনো ৰাজ্যই মানি নলও বুলি ক'ব নোৱাৰে। যদি কোনো ৰাজ্যই অমান্য কৰে, তেন্তে সেয়া সাংবিধানিক দৃষ্টিকোণেৰে ভুল হ'ব। কিন্তু এই আইনখন ন্যায়িক পৰ্যবেক্ষণ কৰাৰ অতিকৈ আৱশ্যক।'

প্ৰণিধানযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বাংলাদেশ, আফগানিস্তান আৰু পাকিস্তানৰ নিৰ্যাতিত সংখ্যালঘু সম্প্ৰদায়ক ভাৰতৰ নাগৰকিত্ব প্ৰদানৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে। এই আইনখনক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। এই আইনখন অসাংবিধানিক আৰু ভাৰতৰ ধৰ্মীয় নিৰপেক্ষতাত আঘাতকাৰী বুলি দাবী জনাই আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহেও।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in