মাংস আৰু কণী আপোনাৰো প্ৰিয় নেকি? তেন্তে এবাৰ পঢ়ক এই বাতৰি…

মাংস আৰু কণী আপোনাৰো প্ৰিয় নেকি? তেন্তে এবাৰ পঢ়ক এই বাতৰি…

ডিজিটেল ডেস্কঃ আপুনি মাংস খায় নেকি? তেন্তে আপুনি এতিয়া সাৱধান হোৱা উচিত। ভাৰত চৰকাৰৰ বিদেশ মন্ত্ৰণালয়ে শেহতীয়াকৈ চিকেন আৰু কণী খোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিবলৈ সকলোকে আহ্বান জনাইছে। চীনৰ লগতে কেইবাখনো ৰাষ্ট্ৰত কোৰোনা ভাইৰাছে সন্ত্ৰাস চলোৱাৰ পিছত আমিষ ভোজনৰ ক্ষেত্ৰত সতৰ্ক কৰি দিছে বিদেশ মন্ত্ৰণালয়ে।

উল্লেখ্য যে, চীনত বৰ্তমানলৈকে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত ২৩৪৫ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে আন কেইবাহাজাৰ লোক এই ভাইৰাছৰ কবলত পৰি জীৱন-মৃত্যুৰ সৈতে যুঁজ দিছে ৰাষ্ট্ৰখনত। চীনৰ উপৰিও এতিয়া দক্ষিণ কোৰিয়া, জাপান, ইটালী, ইৰান আদি কেইবাখনো ৰাষ্ট্ৰলৈও সংক্ৰমণ ঘটিছে কোৰোনা ভাইৰাছৰ।

সন্দেহ কৰা অনুসৰি এই ভাইৰাছ পশু বা অন্য ধৰণেও সংক্ৰমিত হ'ব পাৰে। সেইবাবেই ভাৰতত চিকেন অথবা কণী খোৱাৰ ক্ষেত্ৰত সাৱধান হোৱাটো অতি জৰুৰী হৈ পৰিছে। বিদেশ মন্ত্ৰণালয়েও এই সন্দৰ্ভত তৎপৰতা গ্ৰহণ কৰি খোৱাৰ পূৰ্বে চিকেন বা অন্য পশু মাংস ভালদৰে ধুই চাফা কৰি ল'বলৈ আহ্বান জনাইছে দেশবাসীক। আনহাতে কণী খোৱাৰ ক্ষেত্ৰতো সাৱধান হ'বলৈ কৈছে বিদেশ মন্ত্ৰণালয়ে। বিশেষকৈ বজাৰত সহজলভ্য ব্ৰইলাৰ মুৰ্গীত কোৰোনা ভাইৰাছৰ সংক্ৰমণ অধিক সম্ভৱ বুলি সন্দেহ কৰা হৈছে।

ইফালে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পিছত ভাৰতত ব্ৰইলাৰ মাংসৰ চাহিদা বহুখিনি হ্ৰাস পাইছে বুলি এক সূত্ৰত প্ৰকাশ। পূৰ্বৰ তুলনাত বৰ্তমান বজাৰত ব্ৰইলাৰ মাংসৰ চাহিদা ১০-১৫ শতাংশ পৰ্যন্ত হ্ৰাস পাইছে। সেই অনুপাতে হ্ৰাস পাইছে এই মাংসৰ দামো। দিল্লীৰ বজাৰত এতিয়া প্ৰতিকিলো ব্ৰইলাৰ মাংস সৰ্বাধিক ৭৫ টকাত বিক্ৰী হোৱাৰ বিপৰীতে পুনেত সৰ্বাধিক ৬৫ টকা হৈছে ব্ৰইলাৰ মাংস প্ৰতিকেজিৰ দাম। অসমতো এতিয়া ব্ৰইলাৰ মাংস প্ৰতিকেজি পূৰ্বৰ ১৪০-১৬০ টকাৰ বিপৰীতে ১০০-১২০ টকালৈ হ্ৰাস পাইছে।

বিদেশ মন্ত্ৰণালয়ে আমিষ ভোজনৰ ক্ষেত্ৰত সতৰ্কতা জাৰি কৰিলেও অৱশ্যে দেশকৰ পশুপালন মন্ত্ৰণালয়ে সদৰী কৰা মতে ভাৰতত এতিয়ালৈকে কোনো ঘৰচীয়া পশু কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বলি হোৱা নাই। কিন্তু চীন তথা অন্য ৰাষ্ট্ৰসমূহত বৃদ্ধি পোৱা এই ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰততো ঘৰচীয়া পশুৰ দেহলৈ কোৰোনা ভাইৰাছৰ সংক্ৰমণ অসম্ভৱ নহয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in