দেশৰ নিৰাপত্তাৰ গুৰুদায়িত্ব ল’ব অসমৰ ১৩ যুৱতীয়ে

দেশৰ নিৰাপত্তাৰ গুৰুদায়িত্ব ল’ব অসমৰ ১৩ যুৱতীয়ে

ডিজিটেল ডেস্কঃ দেশত পোনপ্ৰথমবাৰৰ বাবে দিল্লী আৰক্ষীত সংযুক্ত হব মহিলা SWAT (Special Weapons And Tactics) দল। এই মহিলা দলটোত আছে ৩৬ গৰাকী মহিলা।

আৰক্ষী অধীক্ষক অমূল্য পাটনায়কৰ নেতৃত্বত এই ৩৬ গৰাকী মহিলাক ১৫ মাহৰ প্ৰশিক্ষণ দিয়া হৈছে বিদেশত। যিকোনো ভয়ংকৰ ঘটনাৰ সৈতে মোকাবিলা কৰিব পৰা এই মহিলা সুৰক্ষা দলটিক প্ৰথমে লালকিল্লা আৰু ইণ্ডিয়া গেটৰ সুৰক্ষাত নিয়োজিত কৰা হ'ব।

ওখ অট্টালিকা বগাব পৰা, বৃহৎ অৰণ্যত অভিযান, চলন্ত গাড়ীৰ পৰা জপিওৱাৰ দৰে দুৰ্দান্ত প্ৰশিক্ষণপ্ৰাপ্ত এনে সুৰক্ষা দল পশ্চিমীয়া দেশসমূহতহে আছিল।

সুখৰ খবৰ এয়ে যে, এই ৩৬ জনীয়া দলটিত আছে অসমৰ সৰ্বাধিক ১৩ গৰাকী মহিলা। ইয়াৰ লগতে এই উচ্চ প্ৰশিক্ষণপ্ৰাপ্ত দলটোত আছে অৰুণাচল, চিকিম আৰু মণিপুৰৰো ৫ গৰাকী মহিলা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in