১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ

১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ

ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম দুখন টেষ্টত শোচনীয় পৰাজয়ৰ পিছত তৃতীয়খন টেষ্টত বলিঙেৰে আশা উজ্জীৱিত কৰিবলৈ সমৰ্থ হৈছে ভাৰতে। নাটিংহামত চলি থকা খেলখনৰ আজি দ্বিতীয় দিনা ভাৰতীয় বলাৰৰ সমুখত তিষ্ঠিব নোৱাৰি ঘৰুৱা দলটোৱে ৩৮.২ অভাৰত ১৬১ ৰাণতে প্ৰথম ইনিংছ সামৰে।

দলটোৰ হৈ জ'ছ বাটলাৰে সৰ্বাধিক ৩৯ ৰাণ স্কৰ কৰাৰ বাদে প্ৰায়কেইজন বেটছমেন সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। ভাৰতৰ হৈ মহম্মদ ছামী, বুমৰা আৰু ঈশান্ত শৰ্মা প্ৰত্যেকে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে হাৰ্দিক পাণ্ডিয়াই হস্তগত কৰে ১ টা উইকেট।

উল্লেখ্য যে বেটিঙৰ আমন্ত্ৰণ লাভ কৰি ভাৰতে নিজৰ প্ৰথম ইনিংছত অধিনায়ক বিৰাট কোহলিৰ ৯৭ আৰু আজিংক্য ৰাহানেৰ ৮১ ৰানৰ সহায়ত ৯৪.৫ অভাৰত আটাইকেইটা উইকেইট হেৰুৱাই ৩২৯ ৰান স্ক'ৰ কৰিছিল।

ইংলেণ্ডক অতি কম সময়ৰ ভিতৰতে বিদায় দি নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি ভাৰতে এই বাতৰি যুগুতোৱা পৰলৈকে ২৫০ ৰানৰ অগ্ৰগতিৰে ১৫ অভাৰত লোকেশ ৰাহুলৰ ৰূপত এটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে ৮১ ৰান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in