ইণ্ডোনেছিয়াত এমাহত তৃতীয়টো ভূমিকম্প

ইণ্ডোনেছিয়াত এমাহত তৃতীয়টো ভূমিকম্প

ডিজিটেল ডেস্কঃ জাকাৰ্টা আৰু পালেমবাগত এছিয়ান গেমছ চলি থকাৰ সময়তে দেওবাৰে পুনৰ কঁপি উঠে ইণ্ডোনেছিয়া। পুৱা প্ৰায় ৯.৪০ বজাত দেশখনৰ উত্তৰ-পূব প্ৰান্তত অনুভূত হয় এই জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৬.৫।

ভুমিকম্পৰ উৎপত্তিস্থল আছিল সাম্বাৱায়া অঞ্চল। অৱশ্যে ছুনামিৰ আশংকা নাই বুলি জনাইছে বতৰ বিজ্ঞানীসকলে। উল্লেখ্য যে যোৱা শুকুৰবাৰে দেশখনক জোকাৰি গৈছিল ৬.৬ প্ৰাবল্যৰ এটি ভূঁইকপে।

আনহাতে যোৱা ৬ আগষ্টত দেশখনৰ লম্বক দ্বীপত ৬.৯ প্ৰাবল্যৰ ভূঁইকপত প্ৰাণ হেৰুৱাইছিল অতি কমেও ৪৬০ জনকৈ লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in