শেহতীয়া খবৰ
দিল্লীৰ হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা ৩৮জনলৈ বৃদ্ধি, তদন্তৰ বাবে গঠন বিশেষ অনুসন্ধানকাৰী দল...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  অৰবিন্দ কেজৰিৱালঃ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত যদি আপৰ নেতা-কৰ্মী জড়িত তেন্তে...  •  সৰুপথাৰত অস্ত্ৰ শস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ...  •  দিল্লীৰ হিংসা ঘটনাত কোনো আপ নেতা দোষী সাব্যস্ত হ’লে দুগুণ শাস্তি বিহা হ’বঃ মুখ্যমন্ত্ৰী কেজৰিৱাল  •  অব্যাহত আছে উত্তেজনা, উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ...  •  মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্রাবাসত আক্ৰমণৰ ঘটনাঃ নাৰায়ণপুৰ আৰক্ষী থানাৰ সমুখত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ...VIDEO

বিশ্বনাথত প্ৰতিষ্ঠানৰ পৰা চুৰি হোৱা মোবাইল ফোন উদ্ধাৰ, এজনক গ্ৰেপ্তাৰ

167

ডিজিটেল সংবাদ, বিশ্বনাথঃ কোনো প্ৰতিষ্ঠানত নহয়, বিশ্বনাথ চাৰিআলি আৰক্ষী থানা মোবাইলৰ শ্ব’ৰুম। এই শ্ব’ৰুমত যিকোনো মোবাইলে আপুনি পাব। কী পেড মোবাইলেই হওঁক বা এণ্ড্ৰইড মোবাইলে হওঁক, আপোনাক যি মোবাইল লাগে সেই মোবাইলেই পাব বিশ্বনাথ আৰক্ষী থানাত। কিন্তু কেনেকৈ আহিল বিশ্বনাথ আৰক্ষী থানালৈ ইমানবোৰ মোবাইল ফোন?

দৰাচলতে, যোৱা ৮ ফেব্ৰুৱাৰীৰ নিশা বিশ্বনাথ চাৰিআলি নগৰৰ মাজমজিয়াৰ বিশ্বনাথ পাৱাৰ নামৰ ব্যৱসায় প্ৰতিষ্ঠান খনৰ পৰা চোৰে চাফাই অভিযান চলাই লৈ যায় প্ৰতিষ্ঠানখনৰ সকলো মোবাইল ফোন। কিন্তু বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰোশনৰ তত্বাৱধানত বিশ্বনাথৰ ডিএছপি মোজাফৰ হুছেইনৰ নেতৃত্বত এটি দলে এই সন্দৰ্ভত অভিযান চলাই ১২ ফেব্ৰুৱাৰীৰ নিশা তেজপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে চুৰি কাৰ্য সংঘটিত কৰা মূল খলনায়ক ইক্ৰামুল হুছেইনক।

ধৃত ইক্ৰামুলৰ স্বীকাৰোক্তিৰ ভিত্তিতে শুকুৰবাৰে পুনৰ বিশ্বনাথ জিলাৰ ডিএছপি মোজাফৰ হুছেইনে ধৃত চোৰটোৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে এই মোবাইল ফোনসমূহ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি