দশা বেয়া আছিল, চোৰৰ পিঠি বহল কৰিলে ৰাইজে! শপত ল’লে চুৰি নকৰাৰ, VIDEO

দশা বেয়া আছিল, চোৰৰ পিঠি বহল কৰিলে ৰাইজে! শপত ল’লে চুৰি নকৰাৰ, VIDEO

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশালত শনিবাৰে সন্ধিয়া এটা গভাইত চোৰক স্থানীয় লোকে আটক কৰি উত্তম- মধ্যম শোধাই দৌলাশাল আৰক্ষীক গতাই দিয়ে। ধৃত চোৰটো সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গৰেমাৰীৰ জোনাব আলীৰ পুত্ৰ আজমত আলী( ২০) বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী মতে, শনিবাৰে সন্ধিয়া দৌলাশালৰ প্ৰয়াত গজেন পাঠকৰ বাসগৃহত প্ৰৱেশ কৰি গডৰেজ ভাঙি সোণ-ৰূপৰ আ-অলংকাৰ, নগদ টকা চুৰি কৰি ঘৰৰ পৰা পলাবলৈ লওঁতেই স্থানীয় লোকে আটক কৰে গভাইত চোৰটোক। আন এটা চোৰ পলাই সাৰিবলৈ সক্ষম হয়।

ধৃত চোৰটোৰ পৰা ৰূপৰ আ-অলংকাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। ইয়াৰ উপৰিও ধৃত চোৰটোৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে দৌলাশাল আৰক্ষীয়ে। ধৃত চোৰটো ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ উপৰিও কেবাটাও চুৰি কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখ্য যে, যোৱা কিছুদিন ধৰি দৌলাশাল অঞ্চলত চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাত দৌলাশালবাসী শংকিত হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in