বৰ্তমানলৈ সৰ্বাধিক ধন উপাৰ্জন কৰা বলিউদৰ ৫খন ছবি…

বৰ্তমানলৈ সৰ্বাধিক ধন উপাৰ্জন কৰা বলিউদৰ ৫খন ছবি…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰে ছবিজগতত বলিউদৰ আছে এখন সুকীয়া আসন। কেইবাটাও দশক ধৰি বলিউদে উপহাৰ দি আহিছে ইখনৰ পাছত সিখন হিট ছবি। বলিউদত বৰ্তমানলৈকে বাণিজ্যিক দিশত সবাতোকৈ হিট ছবিখন হৈছে বাহুবলী-২ । ছবিজগতত অভিলেখ সৃষ্টি কৰি এই ছবিখনে উপাৰ্জন কৰিছিল ১৬০৮কোটি।

সৰ্বাধিক উপাৰ্জনকাৰী বলিউদৰ দ্বিতীয়খন ছবি হৈছে আমিৰ খান অভিনীত ছবি- পি কে। এই ছবিখনে উপাৰ্জন কৰিছিল প্ৰায় ৮০০কোটি টকা।

তৃতীয় স্থানত আছে বাহুবলীৰ প্ৰথম খণ্ড। ৰিলিজ হোৱাৰ পাছতে এই ছবিখনে ভংগ কৰিছিল পূৰ্বৰ কেইবাটাও অভিলেখ। এতিয়াৰে পৰা ৫বছৰৰ পূৰ্বে মুক্তি লাভ কৰা এই ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ৬৫০কোটি টকা।

চতুৰ্থস্থানত আছে বলিউদৰ ভাইজান চলমান খানৰ ছবি বজৰংগী ভাইজান। চলমান আৰু কৰীণা কাপুৰ খান অভিনীত ছবিখনে উপাৰ্জন কৰিছিল ৬৩০কোটি।

সৰ্বাধিক উপাৰ্জন কৰা বলিউদৰ ছবিখন হৈছে চুলতান। অনুষ্কাৰ সৈতে চলমান খান অভিনীত ছবিখনে ৫৯০কোটি টকা উপাৰ্জন কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in