কেন্দ্ৰীয় মন্ত্ৰীৰ ভাষ্য- দেশত অভাৱ হোৱা নাই সংস্থাপনৰ, যোগ্যতাসম্পন্ন যুৱকহে নাই…

কেন্দ্ৰীয় মন্ত্ৰীৰ ভাষ্য- দেশত অভাৱ হোৱা নাই সংস্থাপনৰ, যোগ্যতাসম্পন্ন যুৱকহে নাই…

ডিজিটেল ডেস্কঃ দেশত সংস্থাপনৰ অভাৱ নাই, অভাৱ হৈছে যোগ্য বা দক্ষ যুৱকৰহে। -এই দাবী এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ। যি সময়ত দেশত নিবনুৱা সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছে, যি সময়ত এটা সংস্থাপন বিচাৰি শিক্ষিত যুৱকসকলে হাহাকাৰ কৰিবলগা হৈছে, সেই সময়ত এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ এনে মন্তব্যই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

দেওবাৰে উত্তৰ প্ৰদেশৰ বৰেলীত এক অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ গংগৱাৰে কয় যে দেশত সংস্থাপনৰ অভাৱ হোৱা নাই। অভাৱ হৈছে তাৰ বিপৰীতে যোগ্যতা থকা যুৱকৰ। বিশেষকৈ উত্তৰ ভাৰতত দক্ষতা নথকাৰ বহু যুৱকক কৰ্মসংস্থাপন দিব পৰা নাই বুলিও মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

'উত্তৰ ভাৰতৰ যুৱকসকলৰ তেনে যোগ্যতা নাই যে তেওঁলোকক এটা সংস্থাপন দিব পৰা যায়। মই এই মন্ত্ৰণালয় চোৱাচিতা কৰো। গতিকে মই জানো যে দেশত সংস্থাপনৰ কোনো অভাৱ ঘটা নাই। শ্ৰম দপ্তৰৰ উপৰিও আমাৰ মন্ত্ৰণালয়ে ইয়াৰ মনিটৰিং কৰে। সংস্থাপনত কোনো সমস্যা নাই। বিপৰীতে যিসকল কোম্পানীয়ে সংস্থাপন দিবৰ বাবে আগবাঢ়ি আহে, তেওঁলোকে কয় যে যুৱকসকলৰ সেই যোগ্যতা নাই।' -এইদৰে কয় কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ গংগৱাৰে।

আনহাতে দেশৰ আৰ্থিক মন্দাৱস্থাৰ সৈতে সংস্থাপনৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰি সন্তোষ গংগৱাৰে দেশৰ আৰ্থিক মন্দাৱস্থা বিষয়টো গুৰুত্বপূৰ্ণ বুলি কয়। উল্লেখ্য যে, দেশত ক্ৰমাগত হাৰত বৃদ্ধি পোৱা নিবনুৱা সমস্যাক লৈ সৰৱ হৈ আছে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহ। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২ লাখ নিবনুৱাক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও তাৰ বিপৰীতে বিমুদ্ৰাকৰণ, জিএছটিৰ ফলত বহু লোকে সংস্থাপন হেৰুৱাব লগা হোৱা বুলি অভিযোগ তুলি আহিছে কংগ্ৰেছে। তদুপৰি বৰ্তমান অটো চেক্টৰৰ ১০ লাখতকৈ অধিক লোকে সংস্থাপন হেৰুওৱাৰ আশংকাত ভূগিছে। এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰী সন্তোষ গংগৱাৰে দেশত সংস্থাপনৰ অভাৱ হোৱা নাই বুলি কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in