শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচনঃ ৮৬,৩৫১ গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব ৫৮ জন প্ৰাৰ্থীৰ ভৱিষ্যত

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন। যিসময়ত ৰাজ্যত কোভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰিছে তাৰ মাজতে অনুষ্ঠিত হৈছে এই পৰিষদৰ নিৰ্বাচন। এই নিৰ্বাচনত যোৰহাট, গোলাঘাট, ধেমাজি, ডিব্ৰুগড়, লখিমপুৰ জিলাৰ মুঠ ২২ টা সমষ্টিৰ ৫৮ জন প্ৰাৰ্থীৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। যোৰহাট জিলাত ১০ টা, গোলাঘাট জিলাত ৫ টা ডিব্ৰুগড়ত ৫ টা, লখিমপুৰত ১ টা, ধেমাজিত ১ টা সমষ্টিৰ সৈতে মুঠ ২২ টা সমষ্টি আছে।

পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈ থকা এই নিৰ্বাচনত বিজেপিৰ ১৭ গৰাকী, কংগ্ৰেছৰ ২০ গৰাকী অসম গণ পৰিষদৰ ৫ গৰাকী চি আইৰ ৩ গৰাকী, অজাপৰ ১ গৰাকী আপৰ ১ গৰাকী আৰু নিৰ্দলীয়ভাৱে ২০ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। মুঠ ১৫৩ টা কেন্দ্ৰত ৮৬,৩৫১ গৰাকী ভোটাৰ আছে।

উল্লেখ্য যে বিয়লি ৪ বজালৈকে অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনক কেন্দ্ৰ কৰি ভোটাৰৰ মাজত উৎসাহ দেখিবলৈ পোৱা গৈছে। পুৱা ৭ বজাত ভোটকেন্দ্ৰ মুকলি হোৱাৰে পৰা ভাটাৰে ভোট দিবলৈ ভোট কেন্দ্ৰলৈ ঢাপলি মেলিছে আৰু ভোটাধিকাৰ সাব্যস্ত কৰিছে।