শান্তিপূৰ্ণভাৱে সমাপ্ত ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচনঃ গেলাবিল, কাচমাৰীত সৰ্বাধিক আৰু মেৰবিলত সৰ্বনিম্ন ভোটাদান…

শান্তিপূৰ্ণভাৱে সমাপ্ত ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচনঃ গেলাবিল, কাচমাৰীত সৰ্বাধিক আৰু মেৰবিলত সৰ্বনিম্ন ভোটাদান…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায় ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণ বিয়লি ৪ বজাত সমাপ্ত হয়। মুঠ ২২ টা সমষ্টিৰ ভিতৰত গোলাঘাটৰ ৫ টা সমষ্টিত প্ৰায় ৭০ শতাংশ ভোটদান হোৱাৰ বিপৰীতে কমাৰগাঁৱত ৬০ শতাংশ, গেলাবিলত ৭৪ শতাংশ, কাচমাৰীত ৭৪ শতাংশ, চাউদাং পথাৰত ৭৭ শতাংশ, চাউদাং পথাৰ দৈয়াঙত ৭০ শতাংশ ভোটদান সাব্যস্ত হয়।

বিধায়ক তৰংগ গগৈৰ ভোটদান…

আনহাতে তিতাবৰৰ ১০ টা সমষ্টিত প্ৰায় ৬২ শতংশ, নাহৰকটীয়াৰ মেৰ বিলত ৪৮.৫২ শতাংশ ভোটদান সাব্যস্ত কৰে ভোটাৰসকলে। উল্লেখ্যে যে এইবাৰ এই পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ৫৮ গৰাকী প্ৰাৰ্থীয়ে ২২ টা সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব আগবঢ়াইছে। এই নিৰ্বাচনত বিজেপিৰ ১৭ গৰাকী, কংগ্ৰেছৰ ২০ গৰাকী অসম গণ পৰিষদৰ ৫ গৰাকী চি পি আইৰ ৩ গৰাকী, অজাপৰ ১ গৰাকী আপৰ ১ গৰাকী আৰু নিৰ্দলীয়ভাৱে ২০ গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। মুঠ ১৫৩ টা কেন্দ্ৰত ৮৬,৩৫১ গৰাকী ভোটাৰ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in