চৰকাৰী এম্বুলেঞ্চ বিকল, ঠেলাত ৰোগী আনিলে হাস্পতাললৈ…

চৰকাৰী এম্বুলেঞ্চ বিকল, ঠেলাত ৰোগী আনিলে হাস্পতাললৈ…

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ চাপানালাত উন্মোচিত হৈছে ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ। নগাঁৱৰ চাপানালাত বৃহত্তৰ অঞ্চলবাসীৰ বাবে আছে এখন ৰাজ্যিক চিকিৎসালয়, আছে এখন এম্বুলেঞ্চ। কিন্তু চাপানালা অঞ্চলত থকা একমাত্ৰ চিকিৎসালয়খনৰ পৰিবেশ দেখিলে আপোনাৰো চকু কপালত উঠিব। আনহাতে চিকিৎসালয়খনৰ চৌহদৰ এটা কোণত পৰি ৰৈছে চৰকাৰী এম্বুলেঞ্চখন।

বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত চিকিৎসালয় খনৰ লগতে জহি খহি গৈছে এম্বুলেঞ্চখন। যাৰ ফলত এতিয়া চিকিৎসালয়লৈ ৰোগীক আনিব লগীয়া হৈছে ঠেলাগাড়ীত। চিকিৎসালয়লৈ ৰোগীক আনিবলৈ নগাঁৱৰ চাপানালা অঞ্চলত ব্যবহাৰ কৰিছে এখন ঠেলা এম্বুলেঞ্চ।

শয্যাগত ৰোগীক চিকিৎসালয়লৈ আনিবলৈ একমাত্ৰ সমল এই ঠেলাগাড়ীখন। স্থানীয় ৰাইজে বাৰম্বাৰ চৰকাৰক এই বিষয়ে অৱগত কৰি আহিছে যদিও চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহন কৰা নাই কোনো পদক্ষেপ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in