কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন…

কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন…

ডিজিটেল সংবাদ, গুৱাহাটীঃ শুকুৰবাৰে কটন বিশ্ববিদ্যালয়ৰ অনুষ্ঠিত এক আলোচনা সভাত উন্মোচন কৰা হয় ব্ৰহ্মপুত্ৰ নদীৰ ইতিহাস সম্পৰ্কীয় এখন গ্ৰন্থ।বিশ্ববিদ্যালয়খনৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ৰাখী কলিতা মৰলে অধ্যক্ষতা কৰা আৰু পৰিৱেশ জীৱবিদ্যা আৰু বন্যজীৱ বিজ্ঞান বিভাগৰ অধ্যাপক নাৰায়ণ শৰ্মাই আঁত ধৰা আলোচনা চক্ৰখনত কীৰ্তিমান সমালোচক ৰজ্ঞিৎ কুমাৰ দেৱ গোস্বামী, বিশিষ্ট বিজ্ঞানী দুলাল চন্দ্ৰ গোস্বামী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক চন্দন কুমাৰ শৰ্মা আলোচক হিচাপে অংশগ্ৰহণ কৰে এই সভাত।

এই সভাত ব্ৰহ্মপুত্ৰ নদীৰ ভূতাত্বিক আৰু প্ৰাকৃতিক জটিলতাই অসমৰ ইতিহাস কিদৰে নিৰ্মাণ কৰিছে সেই বিষয়ে মনোজ্ঞ আলোচনা কৰা হয়। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভবেশ চন্দ্ৰ গোস্বামীয়ে গ্ৰন্থখন উন্মোচন কৰে। অক্সফ'ৰ্ড ইউনিভাৰ্ছিটী প্ৰেছে প্ৰকাশ কৰা The Unquiet River: A Biography of the Brahmaputra গ্ৰন্থখনৰ প্ৰণেতা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ইতিহাসৰ অধ্যাপক অৰূপজ্যোতি শইকীয়া।

ব্ৰহ্মপুত্ৰ নদীৰ এক সামগ্ৰিক আৰু গুৰুত্বপূৰ্ণ ইতিহাস বুলি এই গ্ৰন্থখন আন্তৰ্জাতিক বিদ্বৎ মহলত ইতিমধ্যেই প্ৰশংসিত হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ ভূতাত্বিক ইতিহাসৰ বৰ্ণনা এই গ্ৰন্থৰ প্ৰধান বৈশিষ্ট্য। বালি, পানী, সূঁতি আৰু গেদৰ কাহিনীৰ এই নৈখনৰ সুদীৰ্ঘ ইতিহাস কেনেদৰে বৰ্ণিল হৈছে তাৰ বৰ্ণনা ইয়াত আছে। জলবায়ু, পৰিৱেশ, অৰণ্য, জীৱ-জন্তু, খেতি-বাতি, মাছ-কাচ, পানী-মেটেকা আদিৰ মাজেৰে অঞ্চলটোৰ মানুহ আৰু নদীখনৰ সহাৱস্থানৰ এক দীৰ্ঘকালীন ইতিহাস এই গ্ৰন্থখনত বৰ্ণিত হৈছে।

নাও সজা অথবা সোণ কমোৱা আদিৰ জৰিয়তে প্ৰাগ ঐতিহাসিক কালৰ পৰা অসমৰ মানুহে নদীখনৰ স্থাপন কৰা জটিল আৰু আৱেগিক সম্পৰ্কৰ কথা এই গ্ৰন্থখনে সুখপাঠ্য ৰূপত আলোচনা কৰিছে। আনন্দৰাম ঢেকিয়াল ফুকনৰ কলঙৰ সূঁতি সলোৱাৰ সপোন, জলদস্যুৰ কাহিনী, গোপীনাথ বৰদলৈৰ ব্ৰহ্মপুত্ৰৰ সম্পৰ্কীয় চিন্তা, ১৯৫০চনৰ বৰভূঁইকঁপকে আদি কৰি এক বিশাল পৰিসৰ এই গ্ৰন্থই সামৰি লৈছে।

ঐতিহাসিক ৰামচন্দ্ৰ গুহই এই গ্ৰন্থখনক অত্যুৎকৃষ্ট জীৱনী বুলি বৰ্ণনা কৰাৰ লগতে প্ৰাকৃতিক বিজ্ঞান আৰু সমাজবিজ্ঞান চৰ্চা ইয়াত একাকাৰ হৈছে বুলি বৰ্ণনা কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড০ চন্দন কুমাৰ শৰ্মা, অধ্যাপিকা ৰাখী কলিতা মৰলে পৰ্যালোচনা আগবঢ়ায়।

অধ্যাপক ৰঞ্জিত দেৱ গোস্বামীয়ে ফৰাচী ইতিহাসবিদ ফাৰ্ণানন্দ ব্ৰডেলৰ ভূমধ্যসাগৰৰ লেখীয়াকৈ ব্ৰহ্মপুত্ৰৰ এই ইতিহাস ৰচা হৈছে বুলি উল্লেখ কৰে। অধ্যাপক দুলাল গোস্বামীয়ে নিজৰ ব্ৰহ্মপুত্ৰ অধ্যয়নৰ অভিজ্ঞতাৰে এই গ্ৰন্থখনৰ বিভিন্ন দিশ আলোচনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in