জুবিন, অৰ্ণৱ গোস্বামীক আহ্বান ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ বাবে কিবা এটা কৰক

জুবিন, অৰ্ণৱ গোস্বামীক আহ্বান ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ বাবে কিবা এটা কৰক

ডিজিটেল ডেস্কঃ ছবিগৃহলৈ আহি আছে আন এখন অসমীয়া ছবি 'দ্য আণ্ডাৰৱ'ৰ্ল্ড'। ৫ অক্টোবৰত এই ছবিখনৰ মুক্তি পাব। ইফালে ২৮ ছেপ্টেম্বৰৰ পৰা ছবিগৃহত চলি আছে আন এখন ছবি 'ভিলেজ ৰকষ্টাৰ্ছ'। অস্কাৰৰ বিদেশী শাখাৰ ছবিৰ মনোনয়নৰ দৌৰত ভাৰতক প্ৰতিনিধিত্ব কৰা এই ছবিখনক লৈ এতিয়া দেশবাসী আশাবাদী।

তেনে সময়ত দৰ্শকে ছবিখন চাবলৈ ভিৰ কৰিছেহি ছবিগৃহত। কিন্তু ৫ অক্টোবৰত আন এখন অসমীয়া ছবি মুক্তি দিয়া প্ৰশংগই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। ৰীমা দাসৰ 'ভিলজ ৰকষ্টাৰ্ছে' ৰাজ্য তথা অসমীয়া ছবিলৈ এক গৌৰৱ কঢ়িয়াই আনিছে। দীৰ্ঘদিনৰ পাছত স্বতস্ফূতভাৱে এই ছবিখন চাবলৈ দৰ্শক ওলাই আহিছে। তেনেস্থলত নতুন এখন ছবি 'দ্য আণ্ডাৰৱ'ৰ্ল্ড'ৰ শুভমুক্তি কিছুদিনৰ পাছত হোৱা হ'লে ভাল আছিল বুলি মন্তব্য কৰিছে বহুজনে।

উল্লেখযোগ্য যে, 'দ্য আণ্ডাৰৱ'ৰ্ল্ড'ৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে জুবিন গাৰ্গ। ধিং এক্সপ্ৰেছ হিমাৰ বাবে যথেষ্ট কষ্ট কৰিছিল এইগৰাকী শিল্পীয়ে। 'দ্য আণ্ডাৰৱ'ৰ্ল্ড'ৰ প্ৰমচনৰ বাবে ইতিমধ্যে বৃহস্পতিবাৰে এক বিশেষ ৰেলীও আয়োজন কৰিছে জুবিন ফেন ক্লাৱে। একেদৰে দেশ তথা অসমীয়া ভাষাৰ ছবিলৈ গৌৰৱ কঢ়িয়াই অনা ৰীমা দাসৰ ছবিৰ বাবেও জুবিনৰ এনে উদ্যোগৰ আশা কৰিছে চিত্ৰপ্ৰেমীসকলে।

আনহাতে, ছ'চিয়েল মিডিয়াতো ৰীমা দাসৰ এই ছবিখনৰ চলিছে প্ৰচাৰ। অৰ্ণৱ গোস্বামীলৈও প্ৰশ্ন তুলিছে এচামে। ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক অসমীয়া ছবি 'ভিলেজ ৰকষ্টাৰ্ছ'ক লৈ এক অনুষ্ঠান সম্প্ৰচাৰ কৰাৰো আহ্বান জনাইছে ফেচবুকযোগে। তাৰমাজতেই দৰ্শকে ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ্ছ চাবলৈ বুধবাৰেও ছবিগৃহত ভিৰ কৰা পৰিলক্ষিত হয়। ৫ অক্টোবৰত মুক্তি পাব লগা 'দ্য আণ্ডাৰৱ'ৰ্ল্ড' ছবিখনৰ মুখ্য চৰিত্ৰত আছে জুবিন গাৰ্গ আৰু পৰিনীতা বৰঠাকুৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in