আচৰিত! পৰিয়ালৰ সৈতে কি কৰিছিল তান্ত্ৰিক ৰমেশ চহৰীয়াই? ক’লে যাদৱ চহৰীয়াই

আচৰিত! পৰিয়ালৰ সৈতে কি কৰিছিল তান্ত্ৰিক ৰমেশ চহৰীয়াই? ক’লে যাদৱ চহৰীয়াই

ডিজিটেল ডেস্কঃ সমগ্ৰ ঘটনা যেন এখন চিনেমাহে। ওদালগুৰি জিলাৰ কলাইগাঁৱত শিক্ষাৰ দৰে এক পবিত্ৰ বৃত্তিত জড়িত থাকিও মন্দিৰত উলংগ হৈ পূজা অৰ্চনা আগবঢ়াইছিল যাদৱ চহৰীয়াৰ পৰিয়ালে। এই ঘটনাৰ সময়ত পৰিয়ালটোৱে বলি দিবলৈ চেষ্টা চলোৱা শিশুটিৰ উদ্ধাৰৰ বাবে আৰক্ষীয়ে চলোৱা গুলীত আহত হৈ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ঘটনাৰ মূল নায়ক যাদৱ চহৰীয়া।

চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা অৱস্থাতেই বিজ্ঞানৰ শিক্ষক যাদৱ চহৰীয়াই বৰ্ণনা কৰি গ'ল সমস্ত ঘটনা। এখন থ্ৰীলাৰ চিনেমাৰ কাহিনীৰ দৰেই সংঘটিত হৈছিল এই ঘটনা। অৱশ্যে এই ঘটনাৰ আঁৰত ওদালগুৰিৰ কোনো এক চক্ৰ জড়িত হৈ থকা বুলি দাবী কৰে যাদৱ চহৰীয়াই।

যাদৱ চহৰীয়াৰ ভাষ্য অনুসৰি ৰজাদিনীয়া ৰত্নভাণ্ডাৰ লাভ কৰি ধনী হোৱাৰ প্ৰলোভনৰ বলি হৈ পৰিয়ালটোৱে মা চামুণ্ডাক সন্তুষ্ট কৰিবলৈ উলংগ হৈ পূজা-অৰ্চনা কৰিছিল। যাদৱ চহৰীয়াৰৰ ঘৰৰ মন্দিৰটোৰ মাটিৰ তলত ৰজাদিনীয়া অসংখ্য সোণ, ৰূপ, গহণা ভৰি থকা বুলি জনাইছিল তান্ত্ৰিকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ২১১ জন তান্ত্ৰিকে নিশ্চয়তা প্ৰদান কৰিছিল এই কথাৰ। তাৰ ভিতৰত অন্যতম তান্ত্ৰিকজন আছিল ৰমেশ চহৰীয়া।

যাদৱ চহৰীয়াৰ মতে, এই তান্ত্ৰিকজনৰ সৈতে চিনাকি কৰাই দিছিল তেওঁ জ্যেষ্ঠ ভাতৃ কেশৱ চহৰীয়াই। ২০১০ চনত অচিন ৰোগত আক্ৰান্ত হৈ বহু ধন ভাঙিব লগা হৈছিল শিক্ষক যাদৱ চহৰীয়াই। সেই সময়তে তেওঁ জ্যেষ্ঠ ভাতৃ আৰু ভগ্নীৰ পৰামৰ্শমতে সাক্ষাৎ কৰিছিল তান্ত্ৰিক ৰমেশ চহৰীয়াক। তান্ত্ৰিকজনক লগ কৰাৰ পিছতে তেওঁৰ সম্পূৰ্ণ সুস্থ হৈ উঠে বুলি দাবী কৰে যাদৱ চহৰীয়াই। যাৰ ফলত তান্ত্ৰিকজন তেওঁৰ অতি বিশ্বাসৰ হৈ পৰে আৰু তান্ত্ৰিক ৰমেশ চহৰীয়াৰ প্ৰতিটো কথাই তেওঁ মানিবলৈ আৰম্ভ কৰে।

এইজন তান্ত্ৰিকেই এদিন নিশ্চিত কৰিছিল যে যাদৱ চহৰীয়াৰ ঘৰৰ চোতালত থকা মন্দিৰটোৰ তলত আছে অজস্ত্ৰ ধন, সোণ। সেইখিনি উদ্ধাৰ কৰিবলৈ হ'লে কৰিব লাগিব কঠোৰ সাধনা। ইয়াৰ পূৰ্বে যাদৱ চহৰীয়াৰ জ্যেষ্ঠ ভাতৃ কেশৱ চহৰীয়াইও সেই ৰত্নভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছিল যদিও কালিকা লাগি থকা বাবে সফল নহ'ল। সেইবাবে এই ৰত্নভাণ্ডাৰ উদ্ধাৰৰ বাবে যাদৱ চহৰীয়াৰ পৰিয়ালৰ সহায় বিচাৰিলে ভাতৃ কেশৱেও।

'দুসপ্তাহমান পূৰ্বে তান্ত্ৰিক ৰমেশ চহৰীয়াই মোৰ পুত্ৰ পুলকেশক এটা গাহৰিৰ দাঁত দিয়ে আৰু কয় যে সেই দাঁতটো লগত থাকিলে সকলো অপায় অমংগল দূৰ হ'ব। কিন্তু গাহৰিৰ দাঁতটো লাভ কৰাৰ পিছৰে পৰা পুলকেশে কিছুমান অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে। এদিন সি ক'লে যে আমাৰ ঘৰৰ শিৱ মন্দিৰটোৰ তলত হৈনো এটা জ্যোতিৰ্লিংগ আছে। ভাৰতৰ ৫৩ জ্যেতিৰ্লিংগৰ ৫২টা ইতিমধ্যে মুক্ত হৈছে। আনটো হৈছে এইটো। যদি এইটোও মুক্ত হয়, তেন্তে ভাৰতৰ যিমানবোৰ শক্তিপীঠ আছে, সেইসমূহে সম্পূৰ্ণ শক্তি লাভ কৰিব। কিন্তু এই জ্যোতিৰ্লিংগটো উদ্ধাৰৰ বাবে কঠোৰ সাধনা কৰিব লাগিব, পূজা অৰ্চনা কৰিব লাগিব হেনো।' -এইদৰে কয় যাদৱ চহৰীয়াই।

তান্ত্ৰিক আৰু পুত্ৰ পুলকেশৰ কথাৰ পিছতে জ্যোতিৰ্লিংগ আৰু ৰত্নভাণ্ডাৰ উদ্ধাৰৰ বাবে পূজা অৰ্চনা কৰিবলৈ মান্তি হয় যাদৱ চহৰীয়াৰ পৰিয়াল। কিন্তু পুলকেশে পৰিয়ালৰ লোকক উলংগ হৈ পূজাত বহিবলৈ কয়। যদি তেনে নকৰে, তেন্তে দা-ৰে ঘপিয়াই হত্যা কৰাৰো ভাবুকি দিয়া বুলি মন্তব্য কৰে যাদৱ চহৰীয়াই। আনহাতে এই পূজা সাৰ্থক কৰাৰ স্বাৰ্থত প্ৰয়োজন হ'লে ঘৰৰ এটি শিশুক বলি দিবলৈও যাতে কুণ্ঠাবোধ নকৰে, তাৰ বাবে তান্ত্ৰিক ৰমেশ চহৰীয়াই পৰিয়ালটোক দঢ়াই কয় বুলিও বিস্ফোৰক মন্তব্য কৰে হাস্পতালত চিকিৎসাধীন হৈ থকা বিজ্ঞান শিক্ষক যাদৱ চহৰীয়াই।

যাদৱ চহৰীয়াই এতিয়া অভিযোগ কৰিছে যে এই সমস্ত ঘটনাৰ আঁৰত জড়িত হৈ আছে তান্ত্ৰিক চক্ৰ। যিয়ে পুত্ৰ পুলকেশৰ সহায় লৈ তেওঁৰ ঘৰৰ শিৱ মন্দিৰটো ধ্বংস কৰি মাটিৰ তলত থকা ৰত্নভাণ্ডাৰ আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল। যাদৱ চহৰীয়াই কয়, 'আমাক সকলোকে যেতিয়া উলংগ কৰাই পুলেকেশে মন্দিৰত প্ৰৱেশ কৰিবলৈ বাধ্য কৰাইছিল, তাৰ পিছত সি মন্দিৰৰ আচ বাব ভাঙিবলৈ আৰম্ভ কৰাত আমাৰ সন্দেহ হৈছিল। ঘটনা ৰাজহুৱা হৈ পৰাৰ পিছত তান্ত্ৰিকসকলেই আৰক্ষী, চিআৰপিএফক তালৈ মাতি পৰিকল্পিতভাৱে গুলীচালনা কৰোৱাইছিল। আমি যাতে সেই ঠাইত থাকিব নোৱাৰো, সেইবাবেই এই পৰিকল্পতি ঘটনা সংঘটিত কৰা হ'ল।' -ঘটনাৰ বিৱৰণী দি এইদৰে মন্তব্য কৰে যাদৱ চহৰীয়াই।

ধৰ্মৰ নামত উলংগ পূজা-অৰ্চনা আগবঢ়াই ৰত্নভাণ্ডাৰ লাভ কৰি ধনী হোৱাৰ সপোন দেখা যাদৱ চহৰীয়াৰ পৰিয়ালে এতিয়া আৰু হেৰুৱাবলগীয়া একো নাই। ঘটনাৰ দিনাখন পৰিয়ালটোৰ হাতত বলিৰ বাবে আবদ্ধ শিশুটি উদ্ধাৰৰ বাবে আৰক্ষীয়ে কৰা গুলীচালনাত আহত হৈছিল পুত্ৰ পুলকেশ চহৰীয়া। তাৰ পিছতে তেওঁক জিএমচিএইছত ভৰ্তি কৰা হয় যদিও দেওবাৰে পুৱতি নিশা মৃত্যু ঘটে।

পুলকেশৰ শৱদেহ ওদালগুৰিৰ ঘৰখনলৈ নিব নোৱাৰিলে পৰিয়ালে। শৱদেহটো নিয়াৰ কথা আছিল গুৱাহাটী চহৰৰ নিকটৱৰ্তী কমাৰপাৰাৰ মোমায়েকৰ ঘৰলৈ যদিও অৱশেষত সেয়াও কৰা নহ'ল। যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ভূতনাথ শ্মসানতে অন্তিম সৎকাৰ কৰা হ'ল পুলকেশৰ। এতিয়া পৰিয়ালটোৱেও নিজৰ ওদালগুৰিৰ ঘৰখনলৈ উভতি যাব বিচৰা নাই। কলাইগাঁওবাসীৰ পৰা বিচ্ছিন্ন হৈ পৰা পৰিয়ালটোৱে সেই গাঁওখনলৈ উভতি গ'লে যে পৰিস্থিতি ভয়াবহ ৰূপ ল'ব সেয়া অনুমান কৰিছে যাদৱ চহৰীয়াই। সেই বাবে তেওঁ এতিয়া তেওঁৰ গৃহৰ ঠাইটুকুৰাত চৰকাৰে দখল কৰি এটা মন্দিৰ নিৰ্মাণৰ বাবে আহ্বান জনাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in