বিশ্ববাসীৰ দুচকু সেমেকাই তোলা এখন বিয়া… ফটো চালেই শাত পৰিব হিয়া…

বিশ্ববাসীৰ দুচকু সেমেকাই তোলা এখন বিয়া… ফটো চালেই শাত পৰিব হিয়া…

ডিজিটেল ডেস্কঃ 'যেতিয়াই আমি এটা ইন্দ্ৰিয় হেৰুৱাই পেলাও, তেতিয়াই বাকী থকাবোৰ হৈ উঠে অধিক শক্তিশালী। এনেকৈয়ে আমি প্ৰতিটো মুহূৰ্তক বিশেষতকৈয়ো বিশেষ ধৰণে উপলব্ধি কৰিব পাৰো।'-এয়া কোনো চিনেমাৰ সংলাপ নহয়। এখন বিয়াত অতিথিসকলক এইদৰে কৈ সম্ভাষণ জনাইছে দৰাই। কিন্তু কিয়?

যেতিয়া দৰা ৰবি কেম্পবেলে কইনা ষ্টিফেনি এগ্নিউক প্ৰথমবাৰৰ বাবে দেখা পাইছিল তাৰ কিছুদিন পূৰ্বে কোনো ৰোগত আক্ৰান্ত হৈ লাহে লাহে দৃষ্টিশক্তি হেৰুৱাবলৈ ষ্টিফেনিয়ে। প্ৰথম দেখাতে ষ্টিফেনিৰ প্ৰেমত পৰিছিল ৰবি। পিছে এই কথা জনা নাছিল ষ্টিফেনিয়ে। কেইমাহমান পিছত যেতিয়া বিচাৰি বিচাৰি লগ পাইছিল তেতিয়ালৈকে ষ্টিফেনিয়ে সম্পূৰ্ণৰূপে দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল।

দৃষ্টিশক্তি হেৰুৱাই পেলালেও ৰবিৰ অন্তৰৰ পৰা হেৰাই যোৱা নাছিল ষ্টিফেনিৰ প্ৰতি থকা প্ৰেম। পৃথিৱীৰ পোহৰ দেখাৰ পৰা বঞ্চিত হোৱা কুৰি বছৰীয়া যুৱতীগৰাকীক নতুন আলোকেৰে আলোকিত কৰিবলৈ আগবাঢ়ি আহে ৰবি।

এই অনুযায়ী ষ্টিফেনিক জীৱনসংগী ৰূপে আকোৱালি ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰে সুদৰ্শন যুৱক ৰবিয়ে। কোনোদিনেই মনৰ মানুহজনক দেখা নোপোৱা ষ্টিফেনিৰ বাবে বিয়াৰ দিনটোকো ব্যতিক্ৰম কৰি তোলাৰ সিদ্ধান্ত লয় তেওঁ। সেয়ে বিয়ালৈ নিমন্ত্ৰিত অতিথিসকলৰ আগমন ঘটাৰ লগে লগে সকলোকে চকুত বান্ধি দিয়ে একোখনকৈ ক'লা কাপোৰ। চকুত ক'লা কাপোৰ বান্ধি দিয়াৰ পিছতে তেওঁ অতিথিসকলক শুনায় সেই বিশেষ বাণী, 'যেতিয়াই আমি এটা ইন্দ্ৰিয় হেৰুৱাই পেলাও, তেতিয়াই…।'

বিশ্ববাসীৰ দুচকু সেমেকাই তোলা অষ্ট্ৰেলিয়াৰ এই বিয়াখনৰ সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি ৰাখে জেমছ ডে নামৰ এজন স্থানীয় ফটোসাংবাদিকে। নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি জেমছে 'ডেইলী মেইল'ক জনাইছে যে যেতিয়া ফটো ক্লিক কৰিবলৈ হাতত কেমেৰা তুলি লৈছিল তেতিয়া মধুৰ দৃশ্য দেখি চকুলো নিগৰি আহিছিল তেওঁৰ।

এনেদৰেই ব্যতিক্ৰমীভাৱে ৰবিয়ে সকলোকে সাক্ষী কৰি জীৱনসংগী হিচাপে আকোৱালি লয় ষ্টিফেনিক। ৰবিৰ দৰে এগৰাকী দৰদী ব্যক্তিক জীৱনসংগীৰূপে পাই অভিভূত হৈ পৰিছে ষ্টিফেনিও। 'ৰবিৰ দৰে লোক যে এই পৃথিৱীত থাকিব পাৰে সেয়া মই ভাবিবই পৰা নাছিলো। মোৰ শূন্য জীৱনক তেওঁ পূৰ্ণ কৰি তুলিছে। সকলো জানিও তেওঁ মোক আকোৱালি লৈছে। এয়াইটো প্ৰেম!'-ষ্টিফেনিয়ে কয়।

ষ্টিফেনিক লৈ সুখী ৰবি কেম্পবেলো। 'যেতিয়া তেওঁ কইনাৰ সাজত মোৰ ওচৰলৈ আহিছিল মই মোৰ আৱেগ ধৰি ৰাখিব পৰা নাছিলো। সঁচাকৈয়ে ষ্টিফেনিক দেখিবলৈ ৰাজকুমাৰীৰ দৰে লাগিছিল। অতিথিসকলেও ক'লা কাপোৰ সুন্দৰকৈ চকুত মেৰিয়াই লৈছিল। তাৰ জৰিয়তে দৃষ্টিশক্তিহীন মোৰ মৰমৰ প্ৰেয়সীয়ে সেই আনন্দৰ মুহূৰ্ত কিদৰে অনুভৱ কৰিছে সেয়া তেওঁলোকেও জানিব পাৰিছে।'-ৰবিয়ে কয়।

মৰমৰ মানুহজনক এদিনো দেখা নোপোৱা ষ্টিফেনিৰ ৰবিক লৈ সুখৰ সীমা নাই। 'মই আজিলৈকে তেওঁক দেখা নাই। কিন্তু মই তেওঁক জানিব পাৰিছো।'-ষ্টিফেনিয়ে কয়। 'তেওঁ ৬ফুট ৪ ইঞ্চি ওখ। মই ৫ ফুট ৪ ইঞ্চি। তেওঁ মোতকৈ বহুখিনি ওখ। মই অনুভৱ কৰিছো তেওঁৰ সুদৰ্শন চেহেৰা। মই বুজি উঠিছো যে জীৱন অতি কণ্টকময়, কিন্তু এনেকৈয়ে সেই জীৱনো মধুময় হৈ পৰে।'-ষ্টিফেনিৰ মুখত তেতিয়া বিৰিঙিছে মিচিকিয়া হাঁহি।

বিশ্ববাসীৰ দুচকু সেমেকাই তোলা এই ব্যতিক্ৰমী বিয়াখনৰ কেইটামান বিশেষ মুহূৰ্ত চাবলৈ Scroll কৰক। আৰু অনুভৱ কৰক সেই মুহূৰ্ত যি মুহূৰ্তত পৃথিৱীৰ পোহৰ দেখাৰ পৰা বঞ্চিত ষ্টিফেনিয়ে নকৈ উপলব্ধি কৰিছিল জীৱনৰ মাদকতা…।

প্ৰেমে এনেকৈয়ে নকৈ সজাই তোলে জীৱন…
প্ৰেমে এনেকৈয়ে নকৈ সজাই তোলে জীৱন…
তোমাৰ দৃষ্টিয়ে এতিয়াৰে পৰা মোৰো দৃষ্টি…
তোমাৰ দৃষ্টিয়ে এতিয়াৰে পৰা মোৰো দৃষ্টি…
কোনো শক্তিয়ে নিঃশেষ কৰিব নোৱাৰে আমাৰ প্ৰেম…
কোনো শক্তিয়ে নিঃশেষ কৰিব নোৱাৰে আমাৰ প্ৰেম…
আজীৱন এনেদৰে ৰ'ম তুমি আৰু মই…
আজীৱন এনেদৰে ৰ'ম তুমি আৰু মই…
সুখী মই, শুভেচ্ছাৰ বাবে ধন্যবাদ…
সুখী মই, শুভেচ্ছাৰ বাবে ধন্যবাদ…
ইয়াতেই লুকাই আছে সুখ…
ইয়াতেই লুকাই আছে সুখ…
এটা ইন্দ্ৰিয় শক্তিহীন হ'লেই সাৰ পাই উঠে বাকীবোৰ ইন্দ্ৰিয়…
এটা ইন্দ্ৰিয় শক্তিহীন হ'লেই সাৰ পাই উঠে বাকীবোৰ ইন্দ্ৰিয়…

সঁচাকৈয়ে, জেমছ ডেই কেমেৰাত বন্দী কৰা এই ফটোকেইখন দেখাৰ পিছত আপুনিও ৰবিৰ দৰেকৈ ক'বলৈ বাধ্য যে, 'যেতিয়াই আমি এটা ইন্দ্ৰিয় হেৰুৱাই পেলাও, তেতিয়াই…'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in