চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ৰাজহুৱা শুনানি ১১ আৰু ১৫ মে’ত ৰহা আৰু হামৰেণত গ্ৰহণ কৰা হ’ব…

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল সংবাদ,গুৱাহাটী : যোৱা ২২ এপ্ৰিলত ঘটা সমগ্র ৰাজ্য কপোৱা তথা দেশ বিদেশতো বহুলোকে উপযুক্ত ন্যায়ৰ বাবে আহ্বান জনোৱা চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ৰাজহুৱা শুনানিৰ দিন অহা ১১ আৰু ১৫ মে তাৰিখে ক্ৰমে ৰহা আৰু হামৰেণত গ্ৰহণ কৰা কাৰ্য্যক সৰ্বভাৰতীয় জনজাতীয় ছাত্র সংগঠন অসমে আদৰণি জনাইছে ।

এই নাৰকীয় তথা পৈশাচিক আৰু বৰ্বৰ হত্যাকাণ্ডক SC/ST Atorcities Act 1989 ৰ আধাৰত উপযুক্ত ন্যায় ব্যৱস্থাৰে দোষিক চৰম তম শাস্তি প্ৰদান কৰি ভুক্তভুগি তথা তেওঁৰ পৰিয়ালবৰ্গক ন্যায় প্রদান কৰিব লাগে বুলি আদালতক আহ্বান জনায় এআইটিএছএএৰ আইনী উপদেষ্টা ৰাজু দেউৰী আৰু সকলো নেতৃবর্গই ।

গোটেই দেশ হুলস্থুল হোৱা নিৰ্ভয়া কাণ্ডত উচ্চতম ন্যায়ালয়ে যি উপযুক্ত পদক্ষেপ লৈ মূখ্য ন্যায়াধিশ জে. এছ. বাৰ্মা কমিটি বনাই দুষিক ফাঁচী দিলে তেনেকৈ এই সমগ্র ঘটনাতোকো নিৰপেক্ষ ভূমিকা লৈ উপযুক্ত আইনী প্ৰক্ৰিয়াৰে আদালতে ন্যায় প্ৰদান কৰিব লাগে যাতে সৰ্বসাধাৰণ ৰাইজৰ ন্যায় ব্যৱস্থাতোৰ ওপৰত বিশ্বাস অটুট থাকে আৰু বৰ্তমান চৰকাৰৰ ওপৰত আস্থা থাকে তাৰ বাবে এআইটিএছএএৰ সভাপতি সুনীল কুমাৰ টেৰনে আদালতক আহ্বান জনায় ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in