শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

অচিৰেই ৰান্ধনী সকললৈ সকাহ দিব কেন্দ্ৰীয় চৰকাৰে…

2,279

ডিজিটেল ডেস্কঃ অচিৰেই হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য। এই ঘোষণা কৰিছে কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে চলিত বৰ্ষৰ মাৰ্চ মাহতে হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য। লগতে চলিত বৰ্ষত কেইবাবাৰো বৃদ্ধি পোৱা ৰন্ধন গেছৰ মূল্য সন্দৰ্ভত তেওঁ কয়, ‘আন্তৰাষ্ট্ৰীয় বজাৰত দাম বৃদ্ধি হোৱাৰ বাবেই ভাৰততো এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। কিন্তু বৰ্তমান এই মূল্য নিয়ন্ত্ৰণলৈ আহিছে। গতিকে গ্ৰাহকে অতি সোনকালে পূৰ্বতকৈ কম মূল্যত ক্ৰয় কৰিব পাৰিব ৰন্ধন গেছ।’ উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে ৰাজ সাহায্যবিহীন ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পাইছিল ১৪৪.৫০ টকাকৈ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি