অসমৰ মুখ্যমন্ত্ৰীৰ পদটো জনজাতিৰ বাবে সংৰক্ষিত হ’ব লাগে : ৰকিবুল হুচেইন

অসমৰ মুখ্যমন্ত্ৰীৰ পদটো জনজাতিৰ বাবে সংৰক্ষিত হ’ব লাগে : ৰকিবুল হুচেইন

ডিজিটেল সংবাদ,শিৱসাগৰ : অসমৰ মুখ্যমন্ত্ৰীৰ আসনখনক কেন্দ্ৰ কৰি শাসকীয় বিজেপিৰ একাংশ মন্ত্ৰী তথা নেতাৰ মাজত শীতল যোদ্ধৰ অৱতাৰণা হৈ থকাৰ মাজতেই কংগ্ৰেছী নেতা ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰীৰ আসনখন জনগোষ্ঠীয় লোকৰ বাবে সংৰক্ষিত হব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে ৷

উজনি অসম ভ্ৰমণ কৰা ৰকিবুল হুছেইনে শিৱসাগৰৰ বিশিষ্ট নাগৰিকৰ লগত মত বিনিময় কৰি এই মন্তব্য কৰে ৷ কংগ্ৰেছী নেতা গৰাকীয়ে কয় -শিৱসাগৰত উচ্চ বাচ্য কৰি ভৎসনাৰ সন্মুখীন হৈছে হিমন্ত বিশ্ব শৰ্মাই ৷সম্প্ৰীতিৰ মিলনভূমি শিৱসাগৰত সভ্যতাৰ কথা কবলৈ আহিছে । শিৱসাগৰবাসীয়ে বেয়া পোৱা বাবে দুদিন পিছত ৰাস্তাৰ আধাৰশিলা কৰি ক্ষতি পূৰ কৰাৰ চেষ্টা কৰিছে।

শিৱসাগৰত সভ্যতাৰ কথা কোৱা হিমন্তই নিজেই সভ্যতা কি নাজানে । এজন জনজাতীয় শিক্ষকক অপমান কৰা কথাবোৰ শিক্ষক সমাজে পাহৰা নাই।গগৈ গগৈ বুলি এটা জনগোষ্ঠীক অপমান কৰাৰ কথা ৰাইজে পাহৰা নাই । শিক্ষক সমাজে এইবাৰ হিমন্তৰ বাবেই বিজেপিক ভোট নিদিয়ে।এই মন্তব্য ৰকিবুল হুচেইনৰ ।

ইফালে কংগ্ৰেছৰ মহাজোঁটত এআইইউডিএফ থকাৰ বাবে বিজেপিয়ে কৰা সমালোচনাৰ প্ৰত্যুত্তৰত ৰকিবুলে কয় – কংগ্ৰেছৰ লগত এ আই ইউ ডি এফৰ এতিয়ালৈকে মিত্ৰতা হোৱাই নাই বুলি কৈ কংগ্ৰেছ নেতাজনে কয় যে এ আই ইউ ডি এফৰ লগত বিজেপিৰহে মিত্ৰতা হৈছিল । আমিনুল ইছলামক লগত লৈ নগাঁও জিলা পৰিষদ গঠন কৰি নৃত্যও কৰিছিল বিজেপিয়ে । দুবাৰকৈ অসম গণ পৰিষদ বিজেপি আৰু এআইইউডিএফ মিলি ৰাজ্যসভাত প্ৰাৰ্থিত্বও দিছিল । কেইবাখনো জিলা পৰিষদ তেওঁলোকৰ মিত্ৰতাৰ বাবেই সম্ভৱ হৈছিল। এতিয়া বিজেপিয়েহে কংগ্ৰেছক সমালোচনা কৰে ।

আনহাতে অগপইও শেষ মুহূৰ্তলৈকে ২০১৬ত মিত্ৰতা কংগ্ৰেছৰ সৈতে কৰাৰ কথা আছিল বুলি কয় ৰকিবুলে মন্তব্য কৰাৰ লগতে বিপিএফক পুৰণা মিত্ৰ বুলি কৈ ৰকিবুল হুছেইনে কয়- বিজেপিয়ে পিছফালৰ পৰা চুৰি মাৰিছে বিপিএফক । এতিয়া হাগ্ৰামা মহিলাৰীয়ে যদি বিচাৰে তেন্তে মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছে পুনৰ আগ্ৰহ দেখুৱাব।

অজিত ভূঞাৰ মন্তব্যৰ সৈতে ব্যক্তিগতভাবে দ্বিমত আছে ৰকিবুলৰ । বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হোৱাটো কেতিয়াও সম্ভৱ নহয়। এই কথাবোৰ জনজাতিকৰণ নোহোৱালৈকে চলি থাকিব বুলি কৈ ৰকিবুল হুছেইনে আহোম, মৰাণ , মটককে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ পদটহ অসমৰ জনজাতিৰ বাবে সংৰক্ষিত হব লাগে বুলি কয় । অৱশ্যে তেনে হ'লে " বন্ধুৱে বৰ দুখ পাব" বুলি হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে ৰকিবুল হুছেইনে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in