বিটিচিত নিৰ্বাচনৰ পূৰ্ৱে চলিছে যোগদানৰ ৰাজনীতি…

বিটিচিত নিৰ্বাচনৰ পূৰ্ৱে চলিছে যোগদানৰ ৰাজনীতি…

ডিজিটেল সংবাদ,ওদালগুৰি : বিটিচি নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ বিটিচিতে প্ৰতিটো ৰাজনৈতিক দলে চলাইছে ব্যাপক ৰাজনৈতিক তৎপৰতা। সমানে বিটিচিত চলিছে দল বাগৰাৰ ৰাজনীতিও। ইয়াৰ মাজতে আজি ওদালগুৰিত ইউপিপিএল আৰু বিজেপি দলসহ ১৭৪ জন লোকে বিপিএফত যোগদান কৰে। ওদালগুৰি জিলা বিপিএফৰ উদ্যোগত জিলা কাৰ্যালয় চৌহদত অনুষ্ঠিত হয় এক বিশাল যোগদান সভা‌। এই যোগদান কাৰ্যসূচীত অংশগ্ৰহন কৰি বিপিএফৰ জেষ্ঠ্য নেতা তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে বিপিএফৰ সফলতাৰ ছবি দাঙি ধৰি কয় যে অসমৰ ভিতৰতে বিটিচিখনৰ এতিয়া সৰ্বতো দিশত উন্নয়ণ হৈছে। পৰিষদখনৰ ৰাজপথৰ লগতে আন কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই।

ইয়াৰ উপৰি বিটিচি গঠনৰ পিছত অঞ্চলটোৰ সকলো জনগোষ্ঠীৰ মাজত এক মিলা-প্ৰীতিৰ ভাৱ গঢ়ি উঠিছে। পূৰ্ৱে বিটিচিলৈ ৰাইজ আহিবলৈ ভয় কৰিছিল হত্যা-হিংসাৰ পৰিৱেশৰ বাবে। কিন্তু বৰ্তমান পৰিৱেশ সম্পূৰ্ণ সূকীয়া। সকলো সময়তে মুকলি মুৰীয়া ভাৱে জনসাধাৰণে চলা ফুৰা কৰিব পৰা পৰিৱেশ বিটিচিলৈ ঘুৰি আহিছে। এয়া মাথো বিটিচিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফৰ বাৱে সম্ভৱ হৈছে। কিন্তু দীৰ্ঘদিন ধৰি শাসন কৰা বাৱে কিছু লোকে অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি কোনো কোনো ক্ষেত্ৰত ভুল হোৱা বুলিও স্বীকাৰ কৰে মন্ত্ৰী দৈমাৰীয়ে।এনে ভুল ভ্ৰান্তিৰ কথা দলৰ মজিয়াত আলোচনা হোৱা বুলি প্ৰকাশ কৰি আগন্তুক দিনত আত্ম শুদ্ধিৰে দলটোক আগবঢ়াই নিব বুলিও বিপিএফ নেতাগৰাকীয়ে মুকলি ভাৱে অংগীকাৰ কৰে। দলত যোগদানৰ বাৱে আগবাঢ়ি অহা বিভিন্ন দলৰ সদস্য সকলক আদৰনী জনাই বিপিএফ দলক আগবঢ়াই নিয়াত সকলোকে সবল ভুমিকা লবলৈ আহ্বান জনায়।

সভাত অংশ গ্ৰহন কৰি বিটিচিৰ প্ৰাক্তন অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে ভাষন প্ৰদান কৰি বিজেপি দলটোক ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ বিজেপিক ভোট নিদিলে ৰেচন কাৰ্ড বাতিল কৰিব বুলি সাধাৰন লোকক ভীতিগ্ৰস্ত কৰাৰ অভিযোগ কৰে। বি পিএফৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অনিল চহৰীয়া আৰু প্ৰাক্তন এমচিএলএ ৰিপেন দৈমাৰীয়ে সভাত উপস্থিত থাকে। উক্ত সভাতে ওদালগুৰি বি জে পি দলৰ ১১০ গৰাকী, ইউপিপিএলৰ ৪০ গৰাকী, কংগ্ৰেছৰ ১৪ গৰাকী আৰু আন ১০ গৰাকী সামাজিক লোকে আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে। মন্ত্ৰী ৰিহন দৈমাৰীৰ লগতে দলীয় নেতাসকলে প্ৰত্যককে গামোছা আৰু দলীয় পতাকাৰে আদৰণী জনায়।

গেৰুৱা বসন এৰি বিপিএফত যোগদান কৰা এগৰাকী মহিলা কৰ্মীয়ে ওদালগুৰি জিলা বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে। জিলা বিজেপিৰ সংকীৰ্ণ মনোভাৱৰ বাৱেই তেখেতে বিজেপি দল ত্যাগ কৰিব লগীয়া হোৱা বুলি মুকলি ভাৱে প্ৰকাশ কৰে। উল্লেখ্য যে বৰ্তমানলৈ বিটিচি নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱা নাই যদিও পৰিষদখন দখলৰ উদ্দেশ্যে অব্যাহত আছে প্ৰতিটো দলৰে ব্যাপক কুচকাৱাজ। একাংশ লোকে ইয়াক মাথো দল বাগৰাৰ ৰাজনীতি আখ্যা দি কেৱল ৰাজনীতিৰ চমক দিয়া বুলিও উল্লেখ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in