হিমন্তদাই যিটো সমষ্টিত নিৰ্বাচন খেলে ময়ো তাতে খেলিম,হাৰি থাকিবঃ হাগ্ৰামা মহিলাৰী…

হিমন্তদাই যিটো সমষ্টিত নিৰ্বাচন খেলে ময়ো তাতে খেলিম,হাৰি থাকিবঃ হাগ্ৰামা মহিলাৰী…

ডিজিটেল সংবাদ,মঙলদৈঃ বিটিচি নিৰ্বাচন ওচৰত চাপি অহাৰ লগে লগে ক্ৰমে লক্ষনীয় হৈ উঠিছে বিটিচিৰ ৰাজনৈতিক পৰিবেশ ।বৃহস্পতিবাৰে ওডালগুৰি জিলাৰ কলাইগাওঁ কলেজ ফিল্ডত ত বিপিএফ দলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। এই সভাত মূখ্য ব্যক্তি হিচাপে উপস্থিত থাকে বিপিএফ দলৰ সভাপতি বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী।

ভাষণত হাগ্ৰামা মহিলাৰীয়ে অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন বক্তব্যৰ ওপৰত কয় ওডালগুৰি জিলাৰ সভা সমিতিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা আমাৰ মানুহ, আমাৰ মানুহ কথাষাৰেৰে কি বুজাইছে বুলি মহিলাৰীয়েয়ে প্ৰশ্ন কৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাৰ লগত সংঘাত সৃষ্টি কৰিব বিচাৰিছে বুলিও প্ৰশ্ন কৰে।

তেওঁ মন্ত্ৰী শৰ্মাক মুকলি প্ৰত্যাহ্বান জনায় কয়, ২০২১ ৰ নিৰ্বাচনত হিমন্তদাই বিটিচিত নিৰ্বাচন খেলক, যিটো সমষ্টিত খেলে ময়ো তাতে খেলিম। হাৰি থাকিব। বিটিচিৰ মানুহে হিমন্তক চিনিয়েই নাপায়। হাগ্ৰামাই সভাত বিটিআৰ চুক্তি খনত স্বাক্ষৰ কাৰি প্ৰমোদ বড়োৱেও অনুতপ্ত বুলি প্ৰকাশ কৰে।

তেওঁ অহা বিধানসভা নিৰ্বাচনৰ পূৰ্বে সকলো বিচিচিৰ লোককে মাটিৰ পট্টা দিব, প্ৰতি খন জিলা আৰু মহকুমা সদৰত ভূমিৰ পট্টাৰ কাম কৰিব বুলি প্ৰকাশ কৰে। ইপিনে সভাত মন্ত্ৰী ৰিহন দৈমাৰী, বিধায়ক মহেশ্বৰ বড়ো, চৰণ বড়ো, কমলি বসুমতাৰী সহ লৌমশ্ৰাও দৈমাৰী, বনজাৰ দৈমাৰী, নেৰচন বড়ো ইত্যাদি উপস্হিত থাকে। সভাত কেবাটাও সাংস্কৃতিক দল, কৌতুক শিল্পী বিপুল ৰাভা সহ ভিন্নজনে অংশ লয়। তদুপৰি ভিন্ন দলৰ পৰা অহা ২ শতাধিক লোকে বিপিএফ দলত যোগদান কৰে। কলাইগাওত অনুস্হিত এই নিৰ্বাচনী সভাত প্ৰায় ৫ সহস্ৰাধিক লোকে অংশ লয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in