দুৰ্গা পূজা উদযাপন নোহোৱা অসমৰ একমাত্র জিলাখন…

দুৰ্গা পূজা উদযাপন নোহোৱা অসমৰ একমাত্র জিলাখন…

ডিজিটেল সংবাদ,মাজুলী: সত্ৰীয়া সংস্কৃতিৰ পীঠস্হান মাজুলীত উদযাপন নহয় শাৰদীয় দূৰ্গা পূজা। দূৰ্গা পূজাক লৈ সমগ্ৰ ৰাজ্যবাসীৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে যদিও সেই পৰিৱেশ মাজুলীত বৰ্তমানেও নাই ইয়াৰ পূৰ্বেও নাই ইয়াৰ মাদকতা।

মঠ-মন্দিৰ, দেৱালয় তথা অন্যান্য ধৰ্মীয় অনুষ্ঠানত অনুষ্ঠিত মা দূৰ্গাৰ ভক্তগণে অংশ লৈ পূৰ্জা অৰ্চনা কৰে যাতে সমাজৰ পৰা অপায় অমংগল দূৰ কৰি আগুৱাই যাব পাৰে। সেই আশা পূৰণ নহয় মাজুলীৰ মা দূৰ্গাৰ ভক্তই ।ফলত মাজুলীৰ একাংশ লোকে মাজুলী বাহিৰৰ বিভিন্ন ঠাইলৈ গৈ সেৱাভাগ লয়হি। ইয়াৰ বিপৰীতে সত্ৰীয়া সংস্কৃতিৰ প্ৰতিহে অধিক আকৰ্ষিত মাজুলীবাসী ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচনা কৰা সত্ৰীয়া অনুষ্ঠানসমূহৰ লগতে বিভিন্ন ৰাস উদযাপন সমিতিয়ে পালন কৰে ৰাস মহোসৱ। ৰাসোৎসৱ হৈছে এটি উৎসৱ, য'ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱন লীলাক উপভোগ্য কৰি প্ৰদৰ্শন কৰা হৈছে। এই ৰাস মহোৎসৱক ধৰ্মীয় উৎসৱ হিচাপেও পৰিচিত। মাজুলীৰ ৰাস মহোৎসৱ লক্ষী পূজাৰ দিনাই নাট আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিভিন্ন সত্ৰৰ লগতে ৰাস উদযাপন সমিতিসমূহে।

প্ৰায় একমাহ জোৰা প্ৰস্তুতি অন্তত ৰাস পূৰ্ণিমাত আৰম্ভ হয় তিনিদিনীয়া ৰাস মহোৎসৱৰ কাৰ্যসূচী। এই ৰাসোৎসৱ অসমত অতীজৰে পৰা ৰাস পূৰ্ণিমাত পালন কৰা হয়। এই ৰাসোৎসৱ মাজুলীৰ দক্ষিণপাট সত্ৰত প্ৰথমে আৰম্ভ হয়। ১৭৬২ শকৰ পৰা দক্ষিণপাট সত্ৰত ৰাসোৎসৱ উদ্‌যাপন কৰাৰ পৰবৰ্তী সময়ত গড়মূৰ, আউনীআটী, বেঙেনাআটী, কমলাবাৰী, ভোগপুৰ আদি সত্ৰলৈ ৰাসৰ প্ৰসাৰ ঘটে। ৰাস পূজা, অভিনয় বা ভাওনা আৰু ৰাস উপলক্ষে কৰা নাম প্ৰসংগ তিনিওতাই ৰাসোৎসৱৰ লগত জড়িত।

দক্ষিণপাট সত্ৰত তিনিদিনীয়াকৈ ৰাসোৎসৱ পালন কৰা হয়। ৰাসোৎসৱৰ তিনিদিনক এক বিশেষ নামেৰে জনা যায়। প্ৰথমদিনা অধিবাস, দ্বিতীয়দিনা ৰাস আৰু তৃতীয়দিনা ইন্দ্ৰাভিষেক। ৰাস পূৰ্ণিমাৰ দিনা পুৱাৰ পৰা ৰাস পূজা আৰম্ভ হয়। সম্পূৰ্ণ দিনজুৰি নাম-প্ৰসংগৰ উপৰি গায়ন-বায়ন, নাম-কীৰ্তন, নটুৱা নাচ আদি চলি থাকে। ৰাতিলৈ ৰাসলীলা প্ৰদৰ্শন হয়। উল্লেখ্য যে অতিমাৰী কোৰানাৰ পৰিপ্ৰেক্ষিতত এইবাৰ মাজুলীত ৰাসমহোৎসৱ উদযাপন হোৱা-নোহোৱা বিষয়টো ধূসৰ হৈ আছে। এইক্ষেত্ৰত মাজুলী জিলা প্ৰশাসনে সভা অনুষ্ঠিত হোৱালৈ অপেক্ষা কৰি আছে ৰাস উদযাপন সমিতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in