চীনত কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২জনলৈ বৃদ্ধি…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ চীনত কোৰোনা ভাইৰাছৰ ফলত আৰু ২৫জনকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, দেশখনত বৰ্তমানলৈ এই ভাইৰাছৰ বাবে হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২জনলৈ বৃদ্ধি পায়। তদুপৰি প্ৰায় ৬ হাজাৰ লোক এই কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।

ইফালে, চীনৰ স্বাস্থ্য বিশেষজ্ঞই সদৰী কৰাঅনুসৰি, এই ভাইৰাছৰ ফলত আগন্তুক ১০দিনত আৰু অধিক লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছে।কোৰোনা ভাইৰাছ বিভিন্ন ধৰণৰ বীজাণুৰ এক সমূহ। কিন্তু ইয়াৰ ভিতৰৰ মাত্ৰ ৬বিধ বীজাণুৰফলতহে মানুহবোৰ ৰোগত আক্ৰান্ত হয়। উল্লেখ্য যে, ২০০২-০৩চনতো হংকঙত প্ৰায় ৬৫০জনকৈলোকে প্ৰাণ হেৰুৱাইছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in