শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

নগা ৰাজনৈতিক সমস্যা সমাধানৰ স্বাৰ্থত আলোচনাত বহিবলৈ সন্মত এনএছচিএন (আই এম) আৰু নগা নেচনেল পলিটিকেল গ্ৰুপ…

ডিজিটেল সংবাদ,ৱাখা : ভাৰত চৰকাৰৰ সৈতে চলি থকা শান্তি আলোচনা সফল কৰা আৰু নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ স্বাৰ্থত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম )আৰু সাত নগা নেচনেল পলিটিকেল গ্ৰুপ মাজত থকা মত পাৰ্থক্য দূৰ কৰিবলৈ একেলগে নীতিগত ভাৱে আলোচনাৰ মেজত বহিবলৈ দুয়োটা সংগঠন সন্মত হৈছে । দেওবাৰে এই গুৰুত্বপূৰ্ণ কথা সদৰী কৰিছে নগা পলিটিকেল এফিৰ্য়েছ মিছনে ।

উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ সৈতে চলি থকা শান্তি আলোচনা আৰু চূড়ান্ত চুক্তিৰ সন্দৰ্ভত পৃথকে পৃথকে আলোচনা চলাই থকা এন এছ চি এন আই এম আৰু সাত নগা নেচনেল পলিটিকেল গ্ৰুপৰ মাজত কেতবোৰ মতপাৰ্থক্য বাবে থকাৰ বাবে বৰ্তমান নগা সমস্যাৰ অন্তিম সমাধানত উপনিত হব পৰা নাই । সেয়ে দুয়োটা সংগঠনক একেখন মঞ্চলৈ আনিবলৈ শেহতীয়াকৈ নাগালেণ্ডৰ বিৰোধী দল নাগা পিপলছ ফ্ৰণ্টে গঠন কৰা নগা পলিটিকেল এফিৰ্য়েছ মিছনে এন এছ চি এন আই এম ,এন এন জি পি , ৱৰ্কিঙ কমিটি , নগা গাঁওবুঢ়া এছচিয়েচন ,টাইবেল হোহোক পৃথকে পৃথকে আলোচনা মিলিত হৈ সবল জনমত গঢ়ি তুলি নগা ৰাজনৈতিক সমস্যাৰ সমাধানৰ বাবে একত্ৰিত হৈ চূড়ান্ত চুক্তি স্বাক্ষৰ বাবে প্ৰয়ায় চলাইছিল ।

অৱশেষত নগা পলিটিকেল এফিৰ্য়েছৰ মিছনৰ আহবান প্ৰতি সঁহাৰি জনাই এন এছ চি এন আই এম আৰু এন এন জি পিয়ে মতপাৰ্থক্য দূৰ কৰাৰ বাবে নীতিগত আলোচনাত বহিবলৈ সন্মত হৈছে। অৱশ্যে দুয়ো সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠকত ক’ত আৰু কেতিয়াও অনুষ্ঠিত হব সেই সম্পৰ্কে এতিয়াও নিৰ্ধাৰণ হোৱা নাই । সাতটা বিদ্ৰোহী সংগঠনৰ ৰাজনৈতিক মঞ্চ এন এন জি পি আৰু ৱৰ্কিঙ কমিটিৰ সৈতে যদি এন এছ চি এনৰ মতপাৰ্থক্য দূৰ হয় আৰু বিৰ্তকিত বিষয়সমূহত যদি সহমত উপনিত তেনেহলে হলে অচিৰেই ভাৰত চৰকাৰৰ সৈতে চূড়ান্ত নগা চুক্তি স্বাক্ষৰ বাট প্ৰশস্ত হৈ উঠিব ।

ইফালে নগা পলিটিকেল এফিৰ্য়েছৰ মিছনে নগা সমস্যাৰ সমাধানৰ বাবে সকলো নগা পক্ষৰ সৈতে আলোচনাত সবল জনমত গঢ়ি তোলাৰ ওপৰিও ভাৰত চৰকাৰৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি