মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..

মেঘালয়ত পুনৰ ২ জন  অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..

ডিজিটেল সংবাদ, শিলচৰঃ মেঘালয়ত পুনৰ দুজন নাইজেৰিয়ান নাগৰিকক গ্ৰেপ্তাৰ ৷ সোমবাৰে শিলচৰ- গুৱাহাটী অভিমুখী নৈশ বাছৰ পৰা গ্ৰেপ্তাৰ ৷ কাছাৰ- মেঘালয় সীমান্তৱৰ্তী ৰাতাচেৰাত নিয়মীয়া তালাচীত গ্ৰেপ্তাৰ কৰা হয় নাইজেৰিয়ান দুজনক ৷

বাংলাদেশৰ পৰা ত্ৰিপুৰা – শিলচৰ হৈ গুৱাহাটীলৈ গৈ থকা অৱস্হাত গ্ৰেপ্তাৰ ৷ ধৃত নাইজেৰিয়ান দুজনৰ নাম ছিডেৰা ষ্টেণ্ডলে এনেমু আৰু নানমেকা জশ্বোৱা এনৰো ৷ যোৱা চাৰিদিনত মুঠ ১৪ জন নাইজেৰিয়ানক গ্ৰেপ্তাৰ কৰে মেঘালয় আৰক্ষীয়ে ৷ এই ১৪ জনৰ এজনৰো নাছিল বৈধ নথি ৷ অবৈধ ভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত আটাইকে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in